পুনৰ বৰ্বৰতা প্ৰদৰ্শন তালিবানৰ, পৰিয়ালৰ সন্মুখতে মহিলা আৰক্ষীক হত্যা

PRI 198236557

আন্তঃৰাষ্ট্রীয় মঞ্চত নিজৰ ভাবমূর্তি সলনি কৰিব বিচৰা তালিবানে আফগানিস্তানৰ একাংশ অঞ্চলত পূৰ্বৰ বৰ আচৰণ প্রদর্শনাে অব্যাহত ৰাখিছে। অলপতে গৌৰ প্ৰদেশত এগৰাকী মহিলা আৰক্ষীক তেওঁৰ পৰিয়ালৰ সন্মুখতে তালিবানে গুলীয়াই হত্যা কৰিলে।

এই ঘটনাৰ বিষয়ে টুইটাৰত এজন স্থানীয় সাংবাদিকে প্রকাশ কৰিছে। টুইটত উক্ত সাংবাদিকজনে প্রকাশ কৰা অনুসৰি, তালিবানৰ গুলিত মৃত্যু হােৱা মহিলা আৰক্ষী গৰাকীৰ নাম নিগাৰা আছিল আৰু তেওঁ ছমাহৰ গৰ্ভৱতী আছিল।

যি সময়ত তালিবানে নাগাৰাক গুলিবর্ষণ কৰিছিল, সেই সময়ত তেওঁৰ স’তে স্বামী আৰু সন্তানাে আছিল। পৰিয়ালৰ সন্মুখতে বৰ্বৰ তালিবানে মহিলা আৰক্ষীগৰাকীক নির্মমভাৱে হত্যা কৰিলে।

ইফালে, তালিবানে আফগানিস্তানৰ বিভিন্ন অঞ্চলত হিজাব পৰিধান নকৰা যুৱতী- মহিলাক মাৰপিট কৰাৰ ঘটনা সংঘটিত হৈছে। উল্লেখ্য যে তালিবানে আফগানিস্তান দখল কৰাৰ পাছতে ঘােষণা কৰি কৈছিল যে মহিলাসকলে বােখা পৰিধান কৰাটো বাধ্যতামূলক নহয় যদিও ৰাজহুৱা স্থানত মহিলাই হিজাব পিন্ধিব লাগিব।

Exit mobile version