প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সভা

WhatsApp Image 2021 09 07 at 5.16.55 PM

আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত. অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত বিগত বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰি পৰাজয় বৰণ কৰা প্ৰাৰ্থীসকলৰ সংগঠন শক্তিশালীকৰণত ভূমিকা নিৰ্ণয় সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ সভাপতিত্বত অনুষ্ঠিত সভাই আগন্তুক দিনত দলৰ সংগঠন শক্তিশালীকৰণৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলে নিজৰ মতামত দাঙি ধৰে।

দলৰ তৃণমূল পৰ্য্যায়ৰ লগতে ভাতৃ-ভগ্নী সংগঠনৰ লগতে দলৰ বিভিন্ন বিভাগ আৰু কোষৰ সংগঠন কি দৰে শক্তিশালী কৰি তুলিব পাৰি এই সন্দৰ্ভতো প্ৰাৰ্থীসকলে নিজৰ দৃষ্টিভংগী সভাত ব্যক্ত কৰে। সভাত প্ৰাক্তন সভাপতি তথা ৰাজ্যসভা সাংসদ ৰিপুণ বৰা, বিধায়িনী দলৰ উপদলপতি বিধায়ক ৰকিবুল হছেইন, বিধায়িনী দলৰ মুখ্য সচেতক ৱাজেদ আলী চৌধুৰী আৰু কাৰ্য্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইনো উপস্হিত থাকি বিভিন্ন গঠনমূলক তথা বিশ্লেষণাত্মক বক্তব্য দাঙি ধৰে।

সভাই উপনিৰ্বাচনৰ লগতে আগন্তুক গুৱাহাটী পৌৰসভা আৰু নগৰ সমিতিৰ নিৰ্বাচনৰ লগতে প্ৰস্তাৱিত স্বায়িত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ক্ষেত্ৰত তথা নিজ নিজ সমষ্টিত সক্ৰিয় ভুমিকা পালন কৰিবলৈ আহবান জনাই দ্বায়িত্ব ন্যস্ত কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই জনাইছে যে, আজিৰ সভাৰ পৰামৰ্শাৱলী অহাকালিৰ আহবায়িত জিলা সভাপতিসকলৰ অভিবৰ্তনত ডাঙি ধৰি কাৰ্য্যকৰীকৰণৰ ব্যৱস্হা গ্ৰহণ কৰা হয়।

Exit mobile version