বিপিএফৰ পৰা ৰণজিৎ খেৰকটাৰীৰ এ আই ইউ ডি এফত যোগদান

দুবাৰকৈ এমচিএলএ হৈছিল শালবাৰীৰ খেৰকটাৰী

WhatsApp Image 2021 09 07 at 8.34.33 PM 1

বি পি এফৰ শালবাৰী জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰণজিৎ খেৰকটাৰীয়ে আজি এ আই ইউ ডি এফত আনুষ্ঠানিকভাৱে যোগদান কৰে । বিপিএফ নেতা তথা শালবাৰী পৰিষদীয় সমষ্টিৰ দুটাকৈ কাৰ্যকালৰ প্ৰাক্তন এম চি এল এ ৰণজিৎ খেৰকটাৰীয়ে আজি বিয়লি চাৰি বজাত এ আই ইউ ডি এফত যোগদান কৰে ।

তেওঁ এ আই ইউ ডি এফ দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি দলত যোগদান কৰা বুলি মত ব্যক্ত কৰে । এ আই ইউ ডি এফৰ বৰপেটা জিলা সমিতিৰ কাৰ্যালয়ত আয়োজন কৰা যোগদান অনুষ্ঠানত দলৰ জিলা সভাপতি চামচুদ্দিন আহমেদ, কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক কৰিমুদ্দিন বৰভূঞা, চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনকে ধৰি ভালে কেইগৰাকী নেতাই অংশগ্ৰহণ কৰে ৷

ৰণজিৎ খেৰকটাৰীৰ এ আই ইউ ডি এফত যোগদানৰ লগে লগে ভৱানীপুৰ সমষ্টিৰ ৰাজনৈতিক সমীকৰণত আৰু নতুন সংযোজন ঘটিছে বুলি চৰ্চা আৰম্ভ হৈছে । উল্লেখযোগ্য যে ভৱানীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ফনীধৰ তালুকদাৰে এ আই ইউ ডি এফ দল ত্যাগ কৰি যোৱা এক ছেপ্টেম্বৰত বিজেপিত যোগদান কৰাৰ পৰিপ্ৰেক্ষিতত ভৱানীপুৰৰ আসনখন খালী হয় । ফলত সমষ্টিটোত উপ নিৰ্বাচন নিশ্চিত হৈ পৰে ৷

ভৱানীপুৰৰ উপ নিৰ্বাচনক লক্ষ্য কৰি ৰণজিৎ খেৰকটাৰীয়ে আজি এ আই ইউ ডি এফত যোগদান কৰিছে বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে । এই সন্দৰ্ভত ৰণজিৎ খেৰকটাৰীয়ে সাংবাদিকৰ আগত উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ বাবে কোনো সিদ্ধান্ত লোৱা নাই যদিও দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে নিশ্চিতভাৱে ভৱানীপুৰ সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব বুলি জানিবলৈ দিয়ে ৷

Exit mobile version