মাতৃৰ অসুস্থতাৰ খবৰ পাইয়ে লণ্ডনত দৃশ্যগ্ৰহণ কৰি থকাৰ মাজতে মুম্বাইলৈ উভটিল অক্ষয়

46da8fc0 0ef6 11ec a36f 3d0dd4efdef7 1630922261059

গুৰুত্বৰ অসুস্থ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াক । খবৰ পাইয়ে শ্বুটিং এৰি মুম্বাইলৈ উভটিল অভিনেতাগৰাকী । সোমবাৰে মুম্বাইত উপস্থিত হয় অক্ষয় ।

মুম্বাইৰ হিৰাানন্দনী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অভিনেতাজনৰ মাতৃক। যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছিল অক্ষয়ৰ মাতৃ । অৱস্থাৰ অৱনতি হোৱাৰ বাবে তেওঁক আইচিইউক ভৰ্তি কৰোৱা হয়। খবৰটো পোৱাৰ পাছতে লণ্ডনত’ চিণ্ড্ৰেলা’ৰ দৃশ্যগ্ৰহণ কৰি থকাৰ সময়তে তাৰ পৰা উভতি আহে অক্ষয় কুমাৰ ।

পৰিচালক ৰঞ্জিত এম তিৱাৰীৰ ছবি ‘চিণ্ড্ৰেলা’ৰ প্ৰযোজনাৰ দায়িত্বত আছে জেকি আৰু বসু ভাগনানী ।

Exit mobile version