চিবিএছ‌ই-ৰ শিক্ষাৰ্থীসকলে ফলাফল প্ৰকাশৰ আগতেই নামভৰ্তি কৰিব পাৰিব

CBSE LOC

অতিমাৰীৰ ফলত এইবাৰ অন্যান্য বোর্ডৰ দৰে চিবিএছই দ্বাদশৰ নিয়মিত পৰীক্ষার্থীসকলৰ বিকল্প পদ্ধতিত মূল্যায়ন হয় যদিও বেচৰকাৰী আৰু কম্পার্টমেন্টেল পৰীক্ষার্থীসকলে লিখিত পৰীক্ষা দিবলগীয়া হৈছে । সোমবাৰে উচ্চতম ন্যায়ালয়ে জনায়, চিবিএছই-ৰ দ্বাদশ শ্রেণীৰ বেচৰকাৰী আৰু কম্পার্টমেন্টেল লাভ কৰা ছাত্র-ছাত্রীসকলে পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ আগতেই মহাবিদ্যালয় বা উচ্চশিক্ষাৰ অন্যান্য পাঠ্যক্রমত নাম ভর্তিৰ বাবে আবেদন কৰিব পাৰিব ।

নিয়মিত ছাত্র-ছাত্রীসকলৰ বাবে বিশেষ মূল্যায়নৰ ব্যৱস্থা কৰা হৈছে যদিও বেচৰকাৰী আৰু কম্পার্টমেন্টেল পোৱা শিক্ষাৰ্থীসকলে লিখিত পৰীক্ষা দিয়াৰ বাবে চিবিএছই বোৰ্ডে জনায়, এই শিক্ষাৰ্থীসকলে যিহেতু আগতে উত্তীৰ্ণ হোৱা নাই, সেয়ে বিকল্প পদ্ধতিত তেওঁলোকৰ মূল্যায়ন কৰিব পৰাকৈ তথ্য বিদ্যালয়সমূহৰ হাতত নাই । সেই অনুসৰি, ২৫ আগষ্টত তেওঁলোকৰ লিখিত পৰীক্ষা আৰম্ভ হৈছে, এই পৰীক্ষা, বুধবাৰ (আঠ ছেপ্টেম্বৰ) পর্যন্ত অনুষ্ঠিত হ’ব । ৩০ ছেপ্টেম্বৰত ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে ।

পলমকৈ ফলাফল প্রকাশিত হ’লে তেওঁলোকে মহাবিদ্যালয়ত আবেদনৰ সুযোগ নাপাব সেয়ে আগতেই প্রতিবাদ সাব্যস্ত কৰে এই পৰীক্ষার্থীসকলে । কাৰণ, নিয়মিত পৰীক্ষার্থীসকলৰ ফলাফল ঘোষণা হৈ গ’লে মহাবিদ্যালয়ত নাম ভর্তিৰ প্রক্রিয়াও আৰম্ভ হৈ যাব । অথচ তেওঁলোকে পলমকৈ পৰীক্ষাৰ ফলাফল ঘোষণা হোৱা পর্যন্ত অপেক্ষা কৰিব লাগিব ।

চিবিএছই-ৰ তৰফৰ পৰা জনাইছে, তেওঁলোকে যথা সম্ভৱ সোনকালে লিখিত পৰীক্ষাৰ ফলাফল প্রকাশ কৰাৰ চেষ্টা কৰিব । পৰীক্ষার্থীসকলৰ সমস্যাৰ কথা বিবেচনা কৰিয়ে সর্বোচ্চ আদালতে জনায়, তেওঁলোকে মহাবিদ্যালয় বা অন্যান্য উচ্চশিক্ষা প্রতিষ্ঠানত পছন্দৰ বিষয়ত ‘প্রভিচনেল এডমিচন’ বা অস্থায়ীভাৱে নামভর্তি কৰিব পাৰিব । ফলপ্রকাশৰ এসপ্তাহৰ ভিতৰত সেই মহাবিদ্যালয় বা প্রতিষ্ঠানত নিজৰ মার্কশ্বিট জমা দিব লাগিব । সেই নম্বৰৰ ভিত্তিতেই তেওঁলোকে স্থায়ীভাৱে ভর্তি হ’ব পাৰিব ।

Exit mobile version