তৃণমূল কংগ্ৰেছৰ প্ৰদেশ কমিটিৰ সাধাৰণ সম্পাদক-সম্পাদক হিচাপে শ্ৰীৰামপুৰৰ মহাদেৱ ৰায় আৰু বিপ্লৱ চক্ৰৱৰ্তীৰ নিযুক্তিত উৎফুল্লিত সমৰ্থক

b97fee22 a9f3 44e6 98ae 31ca5f31b967

বহু জল্পনা কল্পনাৰ অন্তত আজি মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশ কমিটি গঠন কৰা হয়।ক’ভিড-১৯ বিধিক মান্যতা দি আজি গুৱাহাটীৰ গনেশগুৰিস্হিত ছানচিটি হোটেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত তৃণমূল কংগ্ৰেছৰ প্ৰদেশ কমিটি গঠন কৰা হয়।

ভৱানন্দ ডেকাক সভাপতি, প্ৰধান সম্পাদক হিচাপে ৰতন বৰুৱা, সাধাৰণ সম্পাদক হিচাপে মহাদেৱ ৰায় আৰু সম্পাদক হিচাপে বিপ্লৱ চক্ৰৱৰ্তী আদিক লৈ তৃণমূল কংগ্ৰেছৰ প্ৰদেশ কমিটিখন গঠন কৰা হয়।

প্ৰদেশ কমিটিত শ্ৰীৰামপুৰৰ দুগৰাকী যুৱকে স্হান পোৱাত শ্ৰীৰামপুৰৰ ৰাজনৈতিক সচেতন ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।

দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ একনিষ্ঠ কৰ্মী মহাদেৱ ৰায় কংগ্ৰেছ দল এৰি আৰু বিপ্লৱ চক্ৰৱৰ্তী ইউপিপিএল দলৰ পদৰ পৰা অব্যাহতি লৈ তৃণমূল কংগ্ৰেছ দলত যোগদান দি দলৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাত অসম-বংগ সীমান্ত অঞ্চলৰ ৰাজনীতিত এক পৰিৱৰ্তনৰ ইংগিত স্পষ্ট হৈ পৰিছে বুলি ৰাজনৈতিক সচেতন মহলৰ অভিমত।

Exit mobile version