পূজাৰী নহয় মন্দিৰৰ মালিক, ভূমি ৰাজহত দেৱতাৰ নামতহে থাকিব সম্পত্তি

barandbench 2021 02 ae7e8255 85a8 4852 a0de ca4f4a7d9c8a Supreme Court 1

ভূমি ৰাজহ বিভাগৰ নথিপত্ৰত মন্দিৰ পূজাৰীৰ নাম অন্তর্ভুক্ত কৰাৰ আবেদনৰ সন্দৰ্ভত শুনানি গ্রহণ কৰি এক ঐতিহাসিক ৰায় দিলে উচ্চতম ন্যায়ালয়ে।

সর্বোচ্চ ন্যায়ালয়ে কয় যে এজন পূজাৰী কোনাে এটা মন্দিৰৰ ভূমিৰ বা সম্পত্তিৰ গৰাকী হ’ব নােৱাৰে। পূজাৰীয়ে কেৱল সেৱক হিচাপেহে সেৱা আগবঢ়ায়।

মন্দিৰৰ সম্পত্তিৰ মালিক হৈছে দেৱতা। ন্যায়াধীশ হেমন্ত গুপ্তা আৰু এ এছ ব’পান্নাৰ বিচাৰপীঠে স্পষ্টভাৱে কয় যে পূজাৰীয়ে মন্দিৰ বা মন্দিৰৰ সম্পত্তিৰ চোৱা-চিতাৰ অর্থাৎ ব্যৱস্থাপনাৰ দায়িত্বহে লাভ কৰে।

পূজাৰীয়ে কেৱল দেৱতাৰ স্থানত মন্দিৰত কাম-কাজ কৰে বুলিও ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। ‘দেৱতাৰ নাম আইন অনুসৰি বিধিসম্মত আৰু সেয়েহে ভূমি ৰাজহৰ নথিত দেৱতাৰ নামত মন্দিৰৰ সম্পত্তি নথিভুক্ত কৰা হয়।

ভূমি ৰাজহৰ নথিপত্ৰত কেতিয়াও মন্দিৰৰ গৰাকী হিচাপে পূজাৰীৰ নাম অন্তর্ভুক্ত হ’ব নােৱাৰে। ‘বিচাৰপীঠখনে এইদৰে ৰায় দিয়ে।

Exit mobile version