বাগসাৰ অঞ্চলীৰ নয়নতৰা থিয়েটাৰৰ আখৰা আৰম্ভ

ভ্ৰাম্যমান থিয়েটাৰৰ মাজেৰেহে আমি দৰ্শকৰ ওচৰত থিয় হও:নিকুঞ্জ দাস

ক’ভিডকালীন সময়কো নেওচি অসমৰ ভ্ৰাম্যমান থিয়েটাৰ জগতৰ আগশাৰীৰ তথা সমগ্র বিটিআৰৰ প্ৰথম অসমীয়া ভাষী থিয়েটাৰ বাগসা জিলাৰ অঞ্চলীৰ নয়নতৰা থিয়েটাৰে বিগত ১০ বছৰে ভ্ৰাম্যমান থিয়েটাৰ মঞ্চৰ জৰিয়তে সমগ্র অসমবাসীক আনন্দৰ খৰাক প্ৰদান কৰি আহিছে ৷

২০২১-২২ বৰ্ষৰ নাট্যানুষ্ঠানৰ বাবে নয়নতৰা থিয়েটাৰৰ আজি আখৰাৰ শুভ উদ্বোধন কৰা হয়৷ হোম যজ্ঞ সমাপনৰ পাছত বিশিষ্ট শিল্পী নবীন বড়োৱে ৰঙা ফিটা কাটি নয়নতৰা থিয়েটাৰৰ মূল তোৰণ উদঘাটন কৰে। বিশিষ্ট সমাজকৰ্মী তথা জ্যেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰীয়ে আখৰা গৃহ মুকলি কৰাৰ পাছত নয়নতৰা থিয়েটাৰৰ তৰফৰ পৰা কে’বাগৰাকী সাংবাদিকক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।

নাট্যকাৰ ৰঞ্জিত দাসে আখৰাৰ শুভাৰম্ভ কৰা আখৰাত বিশিষ্ট অভিনেতা প্ৰাণজিৎ দাস আৰু আগশাৰীৰ অভিনেত্রী বিজুমনি চুতিয়াই অভিনয়েৰে আখৰাৰ শুভাৰম্ভ কৰে।

ক’ভিড মহামাৰীৰ সতে যুঁজ দিবলৈ ওলাই আহি নয়নতৰা থিয়েটাৰৰ প্ৰযোজক নিকুঞ্জ দাসে কয়, “আমি ভ্ৰাম্যমান থিয়েটাৰৰ যোগেদি দৰ্শকৰ ওচৰত থাকো কিন্তু ক’ভিড মহামাৰীৰ বাবে বিগত দুটা বছৰে আমি দৰ্শকৰ ওচৰত থাকিব পৰা নাই।

আজি আমি দৰ্শকৰ ওচৰলৈ যাব পাম বুলি উৎসাহিত হৈ পৰিছোঁ। ক’ভিড কালীন পৰিৱেশৰ বাবে বহু কলাকুশলী জীৱিকাৰ সন্ধানত আন কামত ব্ৰতী হৈছে। সেয়ে এইবছৰো যদি ভ্ৰাম্যমান থিয়েটাৰ নকৰিলোঁহেঁতেন তেতিয়াহ’লে আৰু বহু কেইগৰাকী কলাকুশলী হেৰুৱালোঁহেঁতেন। এইবৰ্ষত নাট্যকাৰ ৰঞ্জিত দাসৰ “কলংক” , সমৰেন্দ্ৰ বৰ্মনৰ “গুৰুদেৱ” আৰু পংকজ চৌধুৰীৰ “তেজিমলা ” নাটকেৰে নয়নতৰা থিয়েটাৰে দৰ্শকৰ মাজত আত্মপ্রকাশ কৰিবলৈ ওলাইছোঁ। ক’ভিডৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে সুবিধা প্ৰদান কৰিলে আমি পহিলা অক্টোবৰৰ পৰা নাট্য যাত্ৰা চলাম। এইবাৰ আহ্বায়ক কমিটী সমূহৰ পৰা যথেষ্ট সহাৰি পাইছোঁ।”

Exit mobile version