ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত মাজুলীৰ ফেৰী দুৰ্ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

NPIC 201912138120

মাজুলীৰ কমলাবাৰী আৰু যোৰহাটৰ নিমাতীঘাটমুখী দুখন ফেৰীৰ মাজত আকস্মিক দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পাই কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ স’তে তেখেতে তাৎক্ষণিকভাৱে ফোনযোগে আলোচনা কৰে। যাত্ৰীসকলৰ উদ্ধাৰৰ নিমিত্তে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ফোনযোগে উল্লেখ কৰে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ তৰফৰপৰাও এইক্ষেত্ৰত যথাসম্ভৱ সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে।

Exit mobile version