শ্বৰিয়তি আইন প্ৰতিষ্ঠাই মূল লক্ষ্য, শাসনভাৰ লৈয়ে জনালে তালিবানে

navbharat times

আফগানিস্তানত নতুন চৰকাৰ ঘোষণা কৰিছে তালিবানে । চৰকাৰ ঘোষণা কৰাৰ পাছতেই তালিবান প্রধান হিবাতুল্লা আখুন্দজাদাই জনায়, দেশত শ্বৰিয়তি আইন প্রতিষ্ঠা কৰাই তেওঁলোকৰ প্রধান লক্ষ্য ।

এটা বিবৃতিত আখুন্দজাদাই কয়, ‘আমাৰ ২০ বছৰৰ সংগ্রামৰ প্রধান দুটা লক্ষ্য আছিল, প্রথমে, আফগানিস্তানৰ পৰা বিদেশী দখল প্ৰত্যাহাৰ কৰি এখন স্বাধীন দেশ প্রতিষ্ঠা কৰা । দ্বিতীয়তে, দেশত স্থায়ী ইছলামী শাসন প্রতিষ্ঠা । এই নীতি মানিয়ে চৰকাৰ চলিব । সকলো সিদ্ধান্ত শ্বৰিয়তি আইন মানি লোৱা হ’ব ।’

ইয়াৰ আগতে ১৯৯৬ৰ পৰা ২০০১ পর্যন্ত আফগানিস্তানত তালিবানি শাসন শ্বৰিয়তি আইন অনুসৰিয়ে চলিছিল । সেয়ে এইবাৰ তালিবান চৰকাৰ গঠনৰ প্রস্তুতি কৰাৰ সময়তে শংকা কৰা হৈছিল হয়তো তেওঁলোকে পূৰ্বৰ নিয়মতেই চলিব । সেই শংকাই সঁচা প্ৰমাণিত হ’ল ।

নতুন চৰকাৰত কার্যনির্বাহী প্রধানমন্ত্রী হিচাপে নাম ঘোষণা কৰা হৈছে মোল্লা মহম্মদ হাছান আখুন্দৰ । মোল্লা আব্দুল ঘানি বৰাদক কার্যনির্বাহী উপ-প্রধানমন্ত্রীৰ পদ দিয়া হৈছে। হিবাতুল্লাক ইৰানৰ মতে দেশৰ সর্বোচ্চ ধর্মীয় নেতাৰ পদত বহি তেওঁৰ অধীনত ৰাষ্ট্ৰপতি বা প্রধানমন্ত্রীৰ নেতৃত্বত তালিবান চৰকাৰ গঠন কৰিব বুলি শোনা গৈছিল । যদিও তেওঁৰ ভূমিকাক লৈ কোনো ঘোষণা কৰা নাই তালিবানে ।

হক্কানি নেটৱর্কৰ প্রধান ছিৰাজুদ্দিন হক্কানি হৈছে কার্যনির্বাহী অভ্যন্তৰীণ মন্ত্রী । পাকিস্তানৰ উত্তৰ ৱাজিৰিস্তানত বাহৰ পাতি থকা ছিৰাজুদ্দিনৰ স’তে তালিবান আৰু আল কায়দাৰ ঘনিষ্ঠ সম্পৰ্ক ।

এফবিআইৰ ‘মোষ্ট ৱান্টেড’ তালিকাত থকা তেওঁক ধৰিবলৈ আমেৰিকাই ৫০ লাখ ডলাৰ পুৰস্কাৰো ঘোষণা কৰিছিল । সেই ছিৰাজুদ্দিনকেই নতুন চৰকাৰত স্থান দিয়া হৈছে ।

Exit mobile version