◆দুধৰ্ষ অপৰাধী দাওহাৰো বড়োৰ ভৰিত গুলি আৰক্ষীৰ।
◆আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই এনকাউণ্টাৰ কৰে আৰক্ষীয়ে।
◆ওদালগুৰিৰ লগতে বাগসা জিলাৰ কেইৱাখনো থানাত বড়োৰ বিৰুদ্ধে চলি আছিল আঠটাকৈ গোচৰ।
◆বিশেষকৈ ধনদাবী কাৰ্যত মুৰৰ কামোৰণি হৈ পৰিছিল।
◆বিভিন্ন সংগঠনৰ নামত ধনদাবী কৰিছিল বড়োৱে।
◆বুধবাৰে কাৰ্বি আংলঙৰ পৰা গ্ৰেপ্তাৰ কৰি আনিছিল বড়োক।
◆নিশা বড়োৰ স্বীকাৰোক্তিৰ ভিত্তিত অস্ত্ৰ বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান।
◆খ্ৰীষ্টানপাৰা অঞ্চলত আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে চলালে গুলী।
◆ইতিমধ্যে ইয়াৰ পূৰ্ৱেও আৰক্ষীৰ জিম্মাৰ পৰা পলাইছিল অপৰাধী বড়োৱে।
◆বুধবাৰে আৰক্ষীৰ দুটাকৈ গুলিয়ে ভৰিত আঘাত কৰে বড়োৰ।
◆ওদালগুৰি অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো, সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুমণি হাজৰিকাৰ নেতৃত্বত চলা অভিযানত এই এনকাউণ্টাৰ।
◆আহত বড়োক প্ৰথমে ওদালগুৰি অসামৰিক চিকিৎসালয়ত কৰাৰ প্ৰাথমিক চিকিৎসাৰ অন্তত তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
◆আহত অপৰাধী বড়ো বৰ্তমান সংকতমুক্ত।
