মাজুলীৰ ফেৰী দুৰ্ঘটনাক লৈ অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

নিমাতীঘাটৰ দুৰ্ঘটনাৰ আঁৰত বি জে পি চৰকাৰৰ চূড়ান্ত গাফিলতি

0besg7rw

আঠ ছেপ্টেম্বৰ, অর্থাৎ কালিৰ দিনটোত অসমবাসী পুনৰবাৰ সাক্ষী হৈ ৰ’ল এক ভয়াৱহ দুর্ঘটনাৰ। এই দুর্ঘটনা প্রকৃতিগত দুর্ঘটনা নাছিল। চৰকাৰৰ হেমাহি, অকর্মণ্যতা আৰু চূড়ান্ত মিথ্যাচাৰৰ পৰিণতিতহে মাজুলীৰ নিমাতীঘাটত সংঘটিত হ’ল এই হৃদয়বিদাৰক ঘটনা।

প্রাণ দিব লগীয়া হ’ল নিৰীহ ৰাইজে। এই ঘটনাৰ বাবে পােনপটীয়াকৈ দায়ী বর্তমানৰ বি জে পি চৰকাৰখন। আজি গুৱাহাটীত সাংবাদিকৰে হােৱা কথা বতৰাৰ সময়ত এই অভিযােগ তুলিছে ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই।

ভূঞাই প্রশ্ন তুলি কয় যে আভ্যন্তৰীণ জল-পৰিবহন বিভাগে মাজুলীৰ দৰে স্পর্শকাতৰ জলপথত যাত্রী কঢ়িয়াবলৈ চলাচল কৰা ফেৰীবােৰৰ মানদণ্ড পৰীক্ষা কৰেনে ? কেৱল কথাৰ ফুলজাৰিৰে উন্নয়নৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ সদায় অপচেষ্টা চলাই অহা মন্ত্রী চন্দ্রমােহন পাটোৱাৰী এই ঘটনাৰ পাছত জবাবদিহি হ’বনে ?

সাংসদগৰাকীয়ে কয় যে মন্ত্রীগৰাকীৰ বিৰুদ্ধে বিভিন্ন সময়ত ভয়ংকৰ অভিযােগ উত্থাপন হৈছে। যােৱাবাৰৰ বি জে পি চৰকাৰৰ দিনত এইজন মন্ত্রী দায়িত্বত থাকোতেই উত্তৰ গুৱাহাটীত এটা বৃহৎ নাও দুর্ঘটনা সংঘটিত হােৱাৰ কথা ৰাইজে নিশ্চয় আজিও পাহৰা নাই ।

সেই দুর্ঘটনাত সর্বসাধাৰণ কে’বাগৰাকীও যাত্রীৰ মৃত্যু হৈছিল। কিন্তু আজিলৈকে তাৰ উচিত বিচাৰ নহ’ল। আভ্যন্ত্ৰীণ জল পৰিবহন বিভাগৰ এজন অভিযন্তাক নিলম্বিত কৰিয়ে দায় সামৰিছে চৰকাৰে। পাছত উত্তৰ গুৱাহাটীৰ দুর্ঘটনা বাবে জগৰীয়া কৰি নিলম্বিত কৰা সেইজন অকর্মণ্য অভিযন্তাকে নিমাতীঘাট-মাজুলীৰ দায়িত্বত পুনৰ ৰঙা-দলিছা পাৰি বহুওৱা হৈছিল কিয়- তাৰ উত্তৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে অসমৰ ৰাইজক দিব লাগিব ।

আটাইতকৈ ডাঙৰ কথাটো হ’ল এতিয়াও সেইজনেই বিভাগীয় মন্ত্রী হৈ আছে । কালি পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত নিমাতীঘাটত এই ভয়ংকৰ দুৰ্ঘটনাটো ঘটিল। এগৰাকী মন্ত্ৰীৰ অজ্ঞাতে এটা স্পর্শকাতৰ আৰু বিপদসংকুল জলপথত এনে হেমাহি, অনিয়ম চলি থকাৰ কথা কোনেও বিশ্বাস কৰিব নােৱাৰে আৰু কৰা উচিত নহয় ।

সেয়ে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে এইগৰাকী দুর্নীতিগ্রস্ত মন্ত্ৰীয়ে ধনৰ লেনদেন কৰি নিমাতীঘাট-মাজুলী জলপথত মৃত্যুৰ বেহা চলাই আছিল’ শ্ৰীভূঞাৰ গুৰুতৰ অভিযােগ ।

গুৰীয়ালৰ ফেৰী চলােৱাৰ অনুজ্ঞাপত্ৰ, ফেৰী একোখনৰ ‘ফিটনেছ’ মাত্ৰ কেইটামান টকাতে ‘মেনেজ’ কৰিব পৰা বিষয় বুলি প্রায় সকলােৱেই অভিযােগ তুলি আহিছে । সেই গুৰুতৰ অভিযােগ সমূহৰ প্রতি কিয় গুৰুত্ব দিয়া নাছিল পৰিবহন মন্ত্রীগৰাকীয়ে ?

সাংসদ শ্রীভূঞাৰ প্রশ্ন ,উত্তৰ গুৱাহাটীৰ ফেৰী দুর্ঘটনাৰ পাছতে সদনৰ মজিয়াত তেতিয়াৰ পৰিবহন মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে এটা ইঞ্জিনযুক্ত ফেৰীৰ চলাচল নিষিদ্ধ কৰাৰ কথা ঘােষণা কৰিছিল। আজি আকৌ একেটা কথা মুখ্যমন্ত্ৰীয়ে কৈছে ।

বি জে পি চৰকাৰৰ মিছলীয়া চৰিত্ৰ প্ৰমাণ কৰিবলৈ ইয়াতকৈ বেছি আৰু কি ক’ব লাগিব মই বুজা নাই’বুলিও কয় শ্ৰীভূঞাই ।

নির্বাচনবােৰৰ আগে আগে ভােটৰ লালসাত ঘােষণা কৰা এপেকছ’ বা ‘ৰৰ ক্ৰয় কৰাৰ পাছতাে কিয় পেলাই থােৱা হ’ল তাৰ উত্তৰ দিব পাৰিবনে হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্রমােহন পাটোৱাৰীয়ে ?

বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি ক্ৰয় কৰা এই অত্যাধুনিক ‘এপেকছ’ বা ৰ-ৰ সজাই থ’বলৈ ক্ৰয় কৰা হৈছিল নেকি বুলি সাংসদগৰাকীয়ে চৰকাৰখনৰ প্রতি কটাক্ষসূচক মন্তব্য কৰে ।

অসমৰ মানুহক আভুৱা ভাৰি যােৰহাট-মাজুলীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ প্রতিশ্রুতি দি আজিলৈকে শিল এটাও নেপেলােৱাকৈ ৰাইজক প্ৰতাৰণা কৰিলে বি জে পি চৰকাৰে। তেতিয়াৰ কেন্দ্রীয় পৰিবহন মন্ত্রী নীতিন গাডকাৰীয়ে আধাৰশিলাও স্থাপন কৰিছিলহি ।

ভােটৰ স্বাৰ্থত একেখন দলঙৰ দুবাৰকৈ আধাৰশিলা স্থাপন কৰি বিশ্বত অভিলেখ গঢ়া বি জে পি চৰকাৰৰ ভণ্ডামি এতিয়া ৰাইজৰ চকুত স্পষ্ট হৈ পৰিছে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে । আনকি প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়েও নির্বাচনৰ আগয়ে মাজুলীবাসীক দলং উপহাৰ দিয়া হ’ব বুলি ৰাজহুৱাকৈ ঘােষণা কৰি গৈছিলহি ।

এতিয়া সেই উপহাৰ কলৈ গ’ল প্রধানমন্ত্রীয়ে মাজুলীবাসীক উত্তৰ দিয়ক আৰু মিথ্যাচাৰৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰক। শ্রীভূঞাই কয় যে এতিয়া চৰকাৰে ঘঁৰিয়ালৰ চকুপানী টুকিছে। সমবেদনা জ্ঞাপন কৰি উশাহ পােৱা নাই।

মুখ্যমন্ত্রী, মাজুলীলৈ উৰা মাৰিছে। ক্ষতিপূৰণ ঘােষণা কৰিছে। কিন্তু সাধাৰণ মানুহৰ জীৱনৰ মূল্য সিমানতে শেষ হ’বনে ? কেইটামান টকা আৰু সমবেদনাৰে মৃতসকলৰ জীৱন ঘূৰাই আনিব নােৱাৰি!কালিৰ এই দুর্ভাগ্যজনক দুর্ঘটনাটোৰ পৰা বি জে পি চৰকাৰখনৰ কিবা শিক্ষা হ’বনে !

নে আমি আকৌ এনেকুৱা এটা অনাকাঙ্খিত দুর্ঘটনাৰ বাবে অপেক্ষা কৰিব লাগিব ! আমি এই দুর্ঘটনাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰাৰ প্ৰসংগ উত্থাপন কৰিব খােজা নাই, কিন্তু যিজন মন্ত্ৰীৰ দায়িত্বত দুটাকৈ ভয়ংকৰ ফেৰী দুর্ঘটনা হ’বলৈ পালে সেইজন চন্দ্রমােহন পাটোৱাৰীক মন্ত্রী পদ এৰিবলৈ মুখ্যমন্ত্ৰীয়ে বাধ্য কৰাওক । তেতিয়াহে ৰাইজে বুজিব মুখ্যমন্ত্ৰীৰ কথাৰ মূল্য কিমান !

Exit mobile version