‘Hindi Medium’ ছবিৰ অভিনেত্ৰী Saba Qamar-ৰ বিৰুদ্ধে জাৰি গ্ৰেপ্তাৰৰী পৰোৱানা

86059808

পাকিস্তানী অভিনেত্ৰী চাবা কামাৰৰ বিৰুদ্ধে লাহোৰ মেজিষ্টেৰিয়েল আদালতে বুধবাৰে জাৰি কৰিলে গ্ৰেপ্তাৰী পৰোৱানা । বলীউডতো অভিনয় কৰিছে চাবাই ।

অভিনেত্ৰীগৰাকীক ‘হিন্দী মিডিয়াম’ ছবিখনত দেখা গৈছিল। লাহোৰৰ এক ঐতিহাসিক মছজিদত এটা নৃত্যৰ ভিডিঅ’ শ্বুট কৰিছিল। এই সন্দৰ্ভতে লাহোৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

অৱশ্যে, কেৱল চাবা কামাৰৰ বিৰুদ্ধেই নহয়, পাকিস্তানী সংগীতজ্ঞ বিলাল ছাইদৰ বিৰুদ্ধেও জামিন যোগ্য গ্ৰেপ্তাৰ পৰোয়ানা জাৰি কৰা হৈছে।

তেওঁলোকৰ বিৰুদ্ধে অভিযোগ যে দীৰ্ঘদিন ধৰি তেওঁলোকে আদালতৰ শুনানি আগ্ৰহী কৰিছে । বাৰে বাৰে আদেশ দিয়া স্বত্বেও চাবা আৰু ছাইদ আদালতত হাজিৰ হোৱা নাছিল।

লাহোৰ আৰক্ষীয়ে যোৱা বছৰ পাকিস্তান দণ্ডবিধিৰ ২৯৫ ধাৰাৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল।

অভিযোগ অনুসৰি তেওঁলোকে লাহোৰৰ পুৰণি পৰম্পৰাগত মছজিদ ৱাজিদ খানত এটা নৃত্যদৃশ্যৰ দৃশ্যগ্ৰহণ কৰি মছজিদৰ পৱিত্ৰতা ধ্বংস কৰিছিল।

ঘটনাটোক লৈ পাকিস্তানৰ লোকসকলেও তেওঁলোকৰ ওপৰত খং কৰিছিল। নেটিজেনসকলে আনকি সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীক হত্যা কৰাৰ ভাবুকিও দিছিল। ছাইদ আৰু চাবাই তেতিয়া ৰাজহুৱাভাৱে সকলোৰে ওচৰত ক্ষমা বিচাৰিছিল।

কিন্তু সেইটোৱেই দৰ্শকক শান্ত কৰা নাছিল। ঘটনাটোৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে দুজন আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে।

Exit mobile version