এ টি এমৰ পৰা ফটা-ছিগা নোট লাভ কৰিলে কি কৰিব ?

written note

এটিএমৰ পৰা টকা উলিয়াবলৈ গৈ ফটা-ছিগা নােট লাভ কৰিছে নেকি? এনে পৰিস্থিতিত গ্রাহকে বিবুধিত পৰে। বিশেষকৈ যদিহে নােট লাভ কৰাৰ সময়তে এ টি এমৰ ভিতৰত নােটকেইখন পৰীক্ষাকৰি চোৱা নহয় আৰু পাছত সেই নােট ফটা-ছিগা হয় তেন্তে এজন বেংক উপভােক্তা চিন্তিত হােৱাটো স্বাভাৱিক।

যদিহে গ্রাহকে এই ফটা-ছিগা নােটৰ অভিযােগ দাখিল কৰে তেন্তে বেংকে নােট সলনি কৰি দিব নে? এই প্রশ্নৰ উত্তৰ দিলে দেশৰ সর্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংক (এছ বি আই)-এ। ইয়াৰ উত্তৰ দি এছ বি আয়ে এইদৰে কয়, ‘বেংকত নােটৰ মানদণ্ড পৰীক্ষা অত্যাধুনিক মেচিনৰ মাধ্যমৰে সম্পন্ন কৰা হয়।

এনে ক্ষেত্ৰত ফটা-ছিগা বা নষ্ট হােৱা নােট এ টি এমত লাভ কৰাৰ সম্ভাৱনা তেনেই সীমিত হয়। যদি আপুনি এনে ধৰণৰ নােট লাভ কৰে, তেন্তে আমাৰ যিকোনাে শাখালৈ গৈ নােট সলনি কৰি ল’ব পাৰিব। ‘

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিদের্শনা অনুসৰিও ফটা-ছিগা নােট সহজে যিকোনাে বেংকৰ শাখা বা ৰিজাৰ্ভ বেংকৰ কার্যালয়লৈ গৈ সলনি কৰি ল’ব পাৰি। ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি, এজন ব্যক্তিয়ে এবাৰত সর্বাধিক ২০খন নােট সলনি কৰিব পাৰিব।

তদুপৰি নােটৰ অধিকতম মূল্য ৫০০০ টকাতকৈ অধিক হ’ব নােৱাৰিব। ২০খনতকৈ অধিক নােট বেংকত এখন ৰছিদৰ জৰিয়তে সলনি কৰিব পাৰি। যি বেংকৰ এ টি এমৰ পৰা ফটা-ছিগা নােট আপুনি লাভ কৰিছে, সেই বেংকৰ শাখাত এই সন্দৰ্ভত আবেদন জনাব লাগিব।

ইয়াৰ বাবে ধন উলিওৱাৰ প্ৰমাণ হিচাপে শ্লিপ গাঁঠি দিব লাগিব। তদুপৰি ধন উলিওৱাৰ তাৰিখ আৰু এ টি এমৰ স্থানৰ সবিশেষ আবেদনত উল্লেখ কৰিব লাগিব।

Exit mobile version