পাকিস্তানত শিক্ষকে পৰিধান কৰিব নোৱাৰিব জিন্‌ছ-টি ছাৰ্ট

6136f3f86f50d

পাকিস্তানত ইমৰান খানৰ চৰকাৰে বিদ্যালয়ত কৰ্মৰত শিক্ষয়িত্ৰীসকলক জিন্‌ছ আৰু অন্যান্য দেহত লিপিট খোৱা পোছাক পৰিধান কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিলে ।

পাকিস্তানৰ যুক্তৰাষ্ট্ৰীয় শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। মহিলাৰ লগতে পুৰুষ শিক্ষককো এই অধিসূচনাত জিন্‌ছ আৰু টি ছাৰ্ট পৰিধানৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। শিক্ষা সঞ্চালকালয়ে বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে বিদ্যালয়ৰ অধ্যক্ষলৈ জাননী জাৰি কৰিছে।

বিদ্যালয়ত কৰ্মৰত সকলো শিক্ষক -কৰ্মীয়ে যাতে সঠিকভাৱে পোছাক পৰিধান কৰে তাৰ প্ৰতি কঠোৰ দৃষ্টি ৰাখিবলৈ শিক্ষা বিভাগে অধ্যক্ষক নিৰ্দেশ দিছে।এতিয়াৰে পৰা পাকিস্তানৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে চুৰিদাৰ কামিজ, দুপট্টা পৰিধান কৰাটো বাধ্যতামূলক হ’ব।তদুপৰি তেওঁলোকে হিজাবো পিন্ধিব পাৰিব।শিক্ষকতাত জড়িত পুৰুষসকলে কেৱল ফৰ্মেল পোছাকহে পিন্ধিব পাৰিব । অৱশ্যে শিক্ষকে কোৰ্টা পায়জামা পৰিধান কৰিলে দীঘল কোট পৰিধান কৰিব লাগিব।

Exit mobile version