মাজুলীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদ মেল

0563eec9 bc21 4802 a6c4 4ce8e2e37bf4

আঠ তাৰিখে সংঘটিত হোৱা নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ পাছতে আজি নিমাতীঘাট আৰু মাজুলীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মাজুলীত উপস্থিত হৈ মাজুলীৰ দলঙক লৈ ৰাজনীতি কৰা বুলি উত্থাপিত অভিযোগত দুখ প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে।

সোণোৱালে কয়, ’দলঙকলৈ ৰাজনীতি কৰা বুলি অনা অভিযোগত মই ব্যথিত ৷ মই মাজুলীৰ ৰাইজক শ্ৰদ্ধা কৰোঁ আৰু কেতিয়াও মাজুলীৰ ৰাইজৰ লগত ৰাজনীতি নকৰোঁ। দায়বদ্ধতা আৰু দায়িত্ব সহকাৰে মাজুলীবাসীৰ বাবে কাম কৰিছোঁ ।

দলঙৰ বাবে কৰণীয়খিনি কৰি থকা হৈছে। মই মাজুলীৰ ৰাইজৰ বাবে কাম কৰি গৈছো আৰু যি পদবীতে নাথাকো মাজুলীবাসী মোৰ বাবে সদায় নমস্য।’পুনৰ এনে ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে আমি সাৱধান হ’ব লাগিব । মানুহৰ জীৱনক লৈ কোনোৱে হেতালি খেলিব নোৱাৰে । যাত্ৰীসকলে যাতে নিৰপদে যাত্ৰা কৰিব পাৰে তাৰ ব্যৱস্থা লোৱা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

আঠ তাৰিখৰ ঘটনা অতি বেদনাদায়ক বুলি মন্তব্য কৰি সোণোৱালে দুৰ্ঘটনাৰ বাবে দেখুওৱা তৎপৰতাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় সৰ্বানন্দ সোণোৱালে৷

লগতে তেওঁ কয়, “ভৱিষ্যতৰ দিনত পুনৰ যাতে এনে ঘটনা নহয় তাৰ বাবে মূখ্যমন্ত্ৰীগৰাকীয়ে লোৱা পদক্ষেপৰ বাবে মূখ্যমন্ত্ৰীক ধন্যবাদ।” লগতে তেওঁ কয় যে ফেৰীসমূহ ঘাটত ৰখাত থকা অসুবিধাসমূহ দূৰ কৰিব লাগিব।

আনহাতে এই শোকাৱহ নাও দুৰ্ঘটনাত নিহত পৰিমিতা দাসৰ স্মৃতি যুগমীয়া কৰাৰ বাবে প্ৰচেষ্টা লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে।

পৰিমিতা দাসৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাই সোণোৱালে সন্ধানহীন হৈ থকা বিক্ৰমজিৎ বৰুৱা আৰু জান বৰা যাতে নিৰাপদে থাকে তাৰ বাবেও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।

Exit mobile version