গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পদত্যাগ, উত্তৰসূৰী নিৰ্বাচনৰ বাবে দেওবাৰে বৈঠক বিজেপিৰ

gujrat cm

গুজৰাতৰ মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ দিলে বিজয় ৰূপানীয়ে । শনিবাৰে তেওঁ সাংবাদিক বৈঠকত এই কথা ঘোষণা কৰে । সাংবাদিক বৈঠকৰ আগতে ৰাজ্যপাল আচার্য দেবব্রতক লগ কৰে ৰূপানীয়ে । তেওঁকেই পদত্যাগপত্র দিয়ে ।

সাংবাদিক বৈঠকত ৰূপানীয়ে কয়, ‘‘সময়ৰ লগত দায়িত্ব‌ও সলনি হয় । এইবাৰ অন্য কাৰোবাৰ হাতত দায়িত্ব যাব । মোক দলে যি দায়িত্ব দিব, তাকে পালন কৰিম ।’’ অহা বছৰ গুজৰাতত বিধানসভা নিৰ্বাচন হ’ব । পদত্যাগ কৰাৰ পাছত ৰূপানীয়ে কয়, ‘‘নৰেন্দ্র মোদীৰ নেতৃত্বতেই বিজেপিয়ে গুজৰাতত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ।’’

নৰেন্দ্র মোদী আৰু আনন্দীবেন পেটেলৰ পাছত পুনৰ গুজৰাতৰ এজন বিজেপি মুখ্যমন্ত্রীক পাঁচ বছৰৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ আগতেই প্ৰত্যাহাৰ কৰা হ’ল । ২০১৪-ত মোদী প্রধানমন্ত্রী হোৱাৰ পাছত তাৰ উত্তৰসূৰী মনোনীত হয় আনন্দীবেন পেটেল । কিন্তু ২০১৬-ৰ আগষ্টত তেওঁ পদত্যাগ কৰিছিল । মুখ্যমন্ত্রীৰ দায়িত্ব লাভ কৰিছিল ৰূপানীয়ে । তেওঁৰ নেতৃত্বতেই ২০১৭-ৰ বিধানসভা নিৰ্বাচনত জয়ী হৈছিল বিজেপি ।

বিজেপি-ৰ এক সূত্র‌ই জনাইছে, জৈন সম্প্রদায়ৰ নেতা ৰূপানী বিভিন্ন সময়ত সংগঠনৰ নানা গুৰুত্বপূর্ণ দায়িত্বত থাকিলেও তেওঁ কেতিয়াও ‘শক্তিশালী জনভিত্তি সম্পন্ন’ নেতা বুলি পৰিচিত নাছিল । আগন্তুক বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ ঠাইত প্রভাৱশালী জনগোষ্ঠীৰ কোনো নেতাক দায়িত্ব দিব বিচাৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহে । সেয়ে তেওঁক পদত্যাগ কৰিবলৈ কোৱা হৈছে ।

পৰৱর্তী মুখ্যমন্ত্রী পদত বিদায়ী কৃষিমন্ত্রী আৰ চি ফাল্ডু, বিজেপি-ৰ ৰাজ্যিক সভাপতি চি আৰ পেটেল, প্রাক্তন ৰাজ্যিক সভাপতি জিতু বাঘাণী, বিদায়ী উপমুখ্যমন্ত্রী নিতিন পেটেলৰ লগতে কেন্দ্রীয় মন্ত্রী পুৰুষোত্তম ৰুপালা আৰু মনসুখ মাণ্ডব্যৰ নাম লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে । বিজেপি-ৰ সর্বভাৰতীয় সাধাৰণ সম্পাদক (সংগঠন) বি এল সন্তোষৰ উপস্থিতিত দেওবাৰে ৰাজধানী গান্ধীনগৰত গুজৰাত বিজেপি পৰিষদীয় দলৰ বৈঠক অনুষ্ঠিত হ’ব । সেই বৈঠকতে পৰৱর্তী মুখ্যমন্ত্রীৰ নাম চূড়ান্ত হোৱাৰ সম্ভাৱনা ।

গুজরাতৰ কংগ্রেছ নেতা হার্দিক পেটেলে শনিবাৰে ৰূপানীৰ পদত্যাগৰ প্ৰসংগত কয়, ‘‘কৰ’না পৰিস্থিতিত ৰাজ্যৰ অর্থনীতি ভয়াবহভাৱে ক্ষতিগ্রস্ত হৈছে । এনে সময়তো বিজেপি নেতৃত্ব‌ই গুজৰাতৰ কথা নাভাবি ৰাজনৈতিক সমীকৰণ সমাধানৰ চেষ্টা কৰি আছে ।’’

Exit mobile version