গুৱাহাটীৰ শিল পুখুৰীত নিশা ১১:৩০ বজাত পথ দুৰ্ঘটনা, নিহত স্কুটী আৰোহী ৰঞ্জন বৈশ্য

গুৱাহাটীৰ শিল পুখুৰীত নিশা ১১:৩০ বজাত পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনা স্কুটী আৰোহী ৰঞ্জন বৈশ্য নিহত ।

তামুলপুৰৰ যুৱক ৰঞ্জন বৈশ্য ফাৰ্মাচীষ্ট হিচাপে গুৱাহাটীত কৰ্মৰত আছিল।

বালিৰ ট্ৰাকে চোচৰাই নিলে স্কুটী আৰোহী ৰঞ্জন বৈশ্যক। শিলপুখুৰীৰ পুলিচ পইণ্টত সংঘটিত এই ভয়াৱহ পথ দুৰ্ঘটনা।

স্কুটী আৰোহী ৰঞ্জন বৈশ্যক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰা হৈছিল কিন্তু GMCHত স্কুটী আৰোহীজনৰ মৃত্যু হয়

বালিৰ ট্ৰাকৰ তলত সোমাই বহুদূৰ চুচৰি যায় স্কুটীখন।

উল্লেখ্য যে নিশা এক বজালৈ ট্ৰাকৰ তলৰ পৰা স্কুটীখন উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰা ক্ৰেনৰ ড্ৰাইভাৰ ৰ সহায়ক হিচাপে আহিছে নুমলী দৈমাৰী নামৰ এগৰাকী মহিলা

ক্ৰেনৰ লিভাৰ পুল কৰা, জেক লগোৱা সকলো কামতে নিজৰ স্বামীক সহায় কৰিছে সহায়ক নুমলী দৈমাৰীয়ে। বিগত কেইবাটাও এনেকুৱা দুৰ্ঘটনাত আৰক্ষীয়ে ফোন কৰাৰ লগে লগে যথাস্থানত স্বামীক সহায় কৰিবলৈ ক্ৰেন লৈ উপস্থিত হয় নুমলী দৈমাৰী

Exit mobile version