টিকা নল’লে চাকৰি হেৰুৱাব চৰকাৰী কৰ্মীয়েঃ ঘোষণা বাইডেনৰ 

1235150398.0
আমেৰিকাত এতিয়াও লাখ লাখ লোকে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা নাই । কাৰণ টিকাৰ অভাৱ নহয়, অনীহাহে । ইয়াৰ ফলতে দেশখনত কৰ’নাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে ।
ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল’বলৈ সাজু হৈছে ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্ৰশাসন । মাৰ্কিন ৰাষ্ট্ৰপতিয়ে কয় যে সকলো কাৰ্যবাহী বিষয়া, চৰকাৰী কৰ্মী আৰু স্বাস্থ্যকৰ্মীয়ে প্ৰতিষেধক ল’ব লাগিব । অন্যথা তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হ’ব বুলিও বাইডেনে সকীয়াই দিয়ে ।
আমেৰিকাত এতিয়ালৈকে ছয় লাখ ৫০ হেজাৰ লোকৰ কৰ’নাত মৃত্যু হ’ল । অথচ দেশখনত প্ৰাপ্তবয়স্কৰ ২৫ শতাংশই এতিয়ালৈকে প্ৰতিষেধক গ্ৰহণ কৰা নাই ।
Exit mobile version