বকোৰ বনগাঁৱত বিদ্যুৎপৃষ্ট হৈ বিভাগৰ কৰ্মচাৰীৰ মৃত্যু, একাংশ ৰাইজে ঘেৰাও কৰে বকো থানা

ৰাতিপুৱা বকো আৰক্ষী থানাৰ অন্তৰ্গত বনগাঁও বীৰপাৰাত সংঘটিত হয় এক ভয়ানক অঘটন । বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱতি লয় বিদ্যুৎ বিভাগৰেই এজন অনিয়মিত কৰ্মচাৰীয়ে । বিদ্যুৎপৃষ্ট হৈ উলমি ৰয় বৈদ্যুতিক খুটাৰ ওপৰত । এই ঘটনাক কেন্দ্ৰ কৰি একাংশ লোকে ঘেৰাও কৰে বকো থানা । কাৰ ভুলৰ বাবে অমূল্য জীৱন হেৰুৱালে কৰ্মচাৰীজনে ?

ছিঙা বিদ্যুতৰ তাৰ মেৰামতি কৰিবলৈ গৈ বিদ্যুৎপৃষ্ট হয় বিভাগৰেই এজন অনিয়মিত কৰ্মচাৰী । অপ্ৰত্যাশিতভাৱে কৰুণ মৃত্যুক সাৱতি লয় বামুণীগাঁও প্ৰীতিপুৰৰ জাকিৰ আলী নামৰ যুৱকজনে । বিদ্যুৎপৃষ্ট হৈ ভয়ানকভাৱে উলমি ৰয় বৈদ্যুতিক খুটাত । তাৰ পাছতে একাংশ লোকে জাকিৰ আলীক উদ্ধাৰ কৰি বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আহে যদিও ইতিমধ্যে মৃত্যুক সাৱতি লয় জাকিৰ আলীয়ে ।

কিন্তু কাৰ ভুলৰ বাবে এই অঘটন ? অভিযোগ অনুসৰি ভুলবশত অতুল কলিতা নামৰ কৰ্মচাৰীজনে বিদ্যুৎ সংযোগ দিয়াৰ বাবে সংঘটিত হয় এই অঘটন ।

তাৰ পাছতে একাংশ ক্ষোভিত জনতাই শাৰিৰীকভাৱে অপদস্থ কৰে বনগাঁও বিদ্যুৎ বিভাগৰ কৰ্মচাৰী অতুল কলিতাক ।

পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী জাকিৰ আলীৰ মৃত্যুক পৰিয়াল, আত্মীয় স্বজনৰ লগতে স্থানীয় ৰাইজে সহজভাৱে ল’ব পৰা নাই । একাংশ ৰাইজে হাতে হাতে প্লেকাৰ্ড লৈ  বকো আৰক্ষী থানা ঘেৰাও কৰি মৌন প্ৰতিবাদ জনাই পৰিয়ালক ৫০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ লগতে ভাতৃক সংস্থাপিত কৰাৰ দাবী তোলে ।

অৱশেষত ছয়গাঁও ৰাজহ চক্ৰৰ বিষয়া সুৰুজ সোনোৱাল, বকো আৰক্ষী বিষয়া ভৰত চন্দ্ৰ কোঁৱৰ আৰু একাংশ লোকৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰি জাকিৰ আলীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি‌এম‌চি‌এইচ-লৈ প্ৰেৰণ কৰা হয় ।

Exit mobile version