বায়ুসেনাৰ বাবে দেশতে তৈয়াৰ কৰা হ’ব ‘অগ্ৰিম সতৰ্কতা’ ব্যৱস্থা সংলগ্ন ‘নেত্ৰ’ বিমান

Sukhoi

অগ্ৰিম সতৰ্কতা আৰু নিয়ন্ত্ৰণত সক্ষম বিশেষ বিমান তৈয়াৰ কৰিব প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ই । এই প্ৰকল্পত মুঠ ১১ হেজাৰ কোটি টকা ব্যয় হ’ব । ডি আৰ ডি অ’ক এই প্ৰকল্পৰ বাবে সেউজ সংকেত দিলে ভাৰতৰ প্ৰতিৰক্ষা বিষয়ক কেবিনেট কমিটীয়ে ।

এয়াৰ ইণ্ডিয়াৰ পৰা বিশেষ এয়াৰবাছ ক্ৰয় কৰি সেইসমূহত বিশেষ ‘অগ্ৰিম সতৰ্কতা’ ব্যৱস্থা সংলগ্ন কৰি বায়ুসেনাৰ হাতত অৰ্পণ কৰিব ডি আৰ ডি অ’ই । যোৱা নিশা প্ৰতিৰক্ষা বিষয়ক কেবিনেট কমিটীয়ে ৫৬ খন চি ২৯৫ মধ্যমীয়া বিমান ক্ৰয়ৰ প্ৰস্তাৱতো অনুমোদন জনালে । ইয়াৰ বাবে ভাৰতে ২২ হেজাৰ কোটি টকা ব্যয় কৰিব ।

ডি আৰ ডি অ’ই নতুন এ ই ডব্লিউ এণ্ড চি ব্যৱস্থা এয়াৰবাছ এ ৩২১ বিমানত সংস্থাপন কৰিব । এই ‘নেত্ৰ’ ব্যৱস্থাৰ পৰিসীমা হ’ব ২০০ কিলোমিটাৰ পৰ্যন্ত ।

Exit mobile version