ইউপিপিএলৰ প্ৰাইমাৰীৰ সভাপতিসকলক চাইকেল বিতৰণ

23a685e6 c06a 4866 a4f8 1c91319edbb5

বিটিচি ৪ নং জমদুৱাৰ পৰিষদীয় সমষ্টিত মুঠ ১২ খন প্ৰাইমাৰী ইউপিপিএলৰ । যোৱা সাত ছেপ্টেম্বৰত ছখনকৈ প্ৰাইমাৰীৰ সভাপতিক এখনকৈ চাইকেল আৰু চাৰ্ট উপহাৰ প্ৰদান কৰে ।

আজিও ছখন প্ৰাইমাৰীক ইউপিপিএলৰ সাংগঠনিক সম্পাদক চন্দন বসুমতাৰীয়ে (বালে) নিৰ্বাচনৰ পূৰ্বে প্ৰাইমাৰীৰ সভাপতিসকলক এখনকৈ চাইকেল উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল সেই মৰ্মে উপহাৰ দিয়ে আৰু প্ৰাইমাৰীৰে সম্পাদক আৰু প্ৰাইমাৰীৰ মহিলাসকলক কাপোৰ পৰ্য্যায়ক্ৰমে দিয়া হ’ব বুলি নিৰিপেন বসুমতাৰীয়ে প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে ইউপিপিএল দলৰ কৰ্মকতাক দৃঢ়তাৰে কাম কৰাৰ বাবে গোসাইগাঁৱত বিধানসভা উপনিৰ্বাচন আৰু সাংগঠনিক ভেটি শাক্তিশালী কৰাৰ লক্ষ্যৰে আজি কাশিয়াবাৰীস্থিত বিটিচি ৪ নং জমদুৱাৰ ব্লক কাৰ্যালয়ত চাইকেল বিতৰণ কৰে।

ইউপিপিএল জমদুৱাৰ ব্লকৰ সভাপতি নিৰিপেন বসুমতাৰীৰ লগতে উপস্থিত থাকে জমদুৱাৰ ব্লকৰ সাধাৰণ সম্পাদক বিনেশ্বৰ নাৰ্জাৰী ।

Exit mobile version