কাবুলত প্ৰতিবাদ ৰোধ কৰিবলৈ হিংসাৰ প্ৰয়োগক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ

original

শান্তিপূর্ণ পদ্ধতিৰে প্ৰতিবাদ কৰি থকা আফগানিস্তানৰ মানুহ আৰু সাংবাদিকসকলৰ ওপৰত যিদৰে দমন-পীড়ন কৰি আছে তালিবানে, তাক লৈ উদ্বেগ প্রকাশ কৰিছে ৰাষ্ট্ৰসংঘ‌ই । শীঘ্ৰে সকলোবোৰ বন্ধ কৰিবৰ বাবে তালিবানক আহ্বান জনোৱা হৈছে ।

আজি এক বিবৃতিত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ ৰক্ষা শাখাৰ হাইকমিচনাৰ ৰবিনা শামদশানিয়ে কয়, ‘‘বিগত চাৰি সপ্তাহ ধৰি আফগানিস্তানৰ বিভিন্ন প্রদেশত যি শান্তিপূর্ণ বিক্ষোভ চলিছে, হিংসাৰ মাধ্যমত তাৰ প্রতিক্রিয়া জনাইছে তালিবানে । বিক্ষোভকাৰীসকলৰ ওপৰত অস্ত্র-শস্ত্র, লাঠি আৰু চাবুকৰ ব্যৱহাৰ কৰা হৈছে ।’’

ৰাষ্ট্ৰসংঘৰ মতে, দেশত এই চূড়ান্ত অনিশ্চয়তাৰ সময়ত আফগানিস্তানৰ নাৰী-পুৰুষ ৰাস্তাত ওলাই আহিছে । নাৰীসকলৰ অধিকাৰ ৰক্ষা, শিক্ষা আৰু ৰাজনীতিত যোগদানৰ অধিকাৰ, মানৱ অধিকাৰ ৰক্ষাৰ দাবীক লৈ সৰৱ হৈছে তেওঁলোক । ফলত যিয়ে ক্ষমতা দখল কৰিছে, তেওঁলোকে আফগান জনগণৰ এই কথা শোনা উচিত ।

তালিবানে যিদৰে এই ধৰণৰ শান্তিপূর্ণ বিক্ষোভক বেআইনী ঘোষণা কৰিছে আৰু কাবুলত ইন্টাৰনেট বন্ধ কৰিছে, তাক লৈও ৰাষ্ট্ৰসংঘ‌ই ক্ষোভ প্রকাশ কৰিছে ।

বিবৃতিত কোৱা হৈছে, যোৱা ১৫ আগষ্টৰ পৰা আফগানিস্তানৰ বিভিন্ন প্রান্তত বিক্ষোভ প্ৰদৰ্শন কৰিছিল সাধাৰণ জনতাই । বিক্ষোভকাৰীসকলৰ সংখ্যা ক্রমশ বাঢ়ি আছে । কিন্তু যোৱা বুধবাৰ সন্ধিয়া তালিবানৰ তৰফৰ পৰা জনোৱা হয়, এই ধৰণৰ প্রতিবাদ বেআইনী । বিক্ষোভ প্ৰতিৰোধ কৰিবলৈ শক্তিপ্রয়োগ কৰা আৰম্ভ কৰে । ইয়াকে লৈ বিভিন্ন সাংবাদিকৰ কথা দাঙি ধৰি উদ্বেগ প্রকাশ কৰা হৈছে ৰাষ্ট্ৰসংঘৰ বিবৃতিত ।

আফগানিস্তানত নিজৰ অধিকাৰ ৰক্ষা কৰিবলৈ পথত নমা দেশৰ মহিলাসকলক বলপ্রয়োগ কৰি প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছে তালিবানে । ইয়াৰোপৰি, প্ৰতিবাদৰ খবৰ কৰিবলৈ গৈ হিংসাৰ বলি হয় স্থানীয় সাংবাদিকসকল ।

কেইদিনমান আগতেই দুজন স্থানীয় সাংবাদিকক বিক্ষোভস্থলীৰ পৰাই হাত বান্ধি কাবুলৰ এখন থানালৈ লৈ যোৱা হৈছিল । তাৰ পাছত তেওঁলোকক মাৰ-ধৰ কৰে তালিবানে । একেলেথাৰি ১০ মিনিট ধৰি তেওঁক মাৰ-ধৰ কৰে বুলি অভিযোগ কৰিছে সেই সাংবাদিকসকলৰে এজনে ।

আফগানিস্তানৰ দুই সাংবাদিকৰ ওপৰত সেই নৃশংস অত্যাচাৰৰ ছবি সম্প্রতি প্রকাশ পাইছে সামাজিক মাধ্যমত । ৰাষ্ট্ৰসংঘৰ বিবৃতিত বিষয়টো উল্লেখ কৰি কোৱা হৈছে, ‘‘কোনো সমাবেশক বেআইনী ঘোষণা কৰাৰ পাছতো সাংবাদিকসকলে যদি তাৰ খবৰ কৰিবলৈ যায়, তেন্তে তেওঁলোকৰ ওপৰত হিংসা আৰু বলপ্রয়োগ কৰিব নোৱাৰে ।’’

Exit mobile version