সদৌ অসম সংখ্যালঘু ছাত্র সন্থাৰ উদ্যোগত ভাওৰাগুৰীৰ ডাঙ্গাইমাৰিত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত

9043af41 6d15 4729 aa7d cb111cd6b591

সদৌ অসম সংখ্যালঘু ছাত্র সন্থাৰ সদস্য সকলৰ মাজত ভাতৃত্ববোধ বৃদ্ধি আৰু সংগঠনৰ ভেটি মজবুত কৰাৰ উদ্যেশৰে আমছুৰ ভাওৰাগুৰী আঞ্চলিক সমিতিৰ উদ্যোগত গোসাইগাও মহকুমাৰ অন্তৰ্গত ডাঙ্গাইমাৰি এল পি স্কুলৰ খেল পথাৰত এখন ফুটবল প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰে।

ভাওৰাগুৰী আঞ্চলিক সমিতিৰ অন্তৰ্গত ১১ খন শাখা সমিতিৰ ১১টা দল আৰু আঞ্চলিক সমিতিৰ এটা দল, মুঠ ১২টা খন দলৰ মাজত ফুটবল প্ৰতিযোগিতা খন অনুষ্ঠিত কৰে।

উল্লেখ্য যে এই প্ৰতিযোগিতা খন ১৫ আগষ্ট তাৰিখে অনুষ্ঠিত কৰিছিল যদিও এক বিশেষ কাৰণত খেল খন আধাতে সামৰণি মাৰিছিল।সেই আধৰুৱা খেল খন আজি সফলভাবে সম্পন্ন কৰে।

১২টা দলৰ মাজত অনুষ্ঠিত হোৱা খেল খনৰ চুড়ান্ত খেল খন কাচোকাটা শাখা সমিতি বনাম মুছলমান পাৰা শাখা সমিতিৰ মাজত অনুষ্ঠিত হয়।

চুৰান্ত খেল খন দুয়োখন দলৰ খেলুৱৈ সকলো অশেষ যুজ দিওঁ কোনো দলে গ’ল দিবলৈ সক্ষম নোহোৱাত পেলান্টি খেলত মুছলমান পাৰা জয়ী হবলৈ সক্ষম হয়।

আজিৰ এই ফুটবল প্ৰতিযোগিতা খনত আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মাজাহাৰুল ইছলাম উপস্থিত থাকি খেলখনৰ উদ্বোধন কৰে।উক্ত প্ৰতিযোগিতাৰ পশ্চিম কোকৰাঝাৰ জিলা সভাপতি মাজাহাৰুল ইছলামৰ লগতে জিলা সাধাৰণ সম্পাদক মোস্তাফিজুৰ ৰহমান,ভাওৰাগুৰী আঞ্চলিক সমিতিৰ সভাপতি হজিদুৰ ৰহমান, সাধাৰণ সম্পাদক সাহাজাহান আলী,কাৰ্য্যকৰী সভাপতি ৰহিম বাদশা,উপ:সভাপতি ছাইদুৰ ৰহমান আৰু আঞ্চলিক বিভিন্ন কৰ্মী সকল উপস্থিত থাকি খেলখল সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।

প্ৰতিযোগিতা খন চলাই নিয়াত স্থানীয় ৰাইজৰ যথেষ্ট সহায় আগবঢ়োৱাৰ বাবে ভাওৰাগুৰী আঞ্চলিক সমিতিৰ পৰা ৰাইজৰ ধন্যবাদ জ্ঞাপন কৰে

Exit mobile version