ভিটামিন বি৯ (ফলিক এছিড )পাব ক’ত ?

hqdefault 1

শৰীৰৰ বাবে যিবােৰ ভিটামিনৰ প্রয়ােজন সেইবােৰৰ ভিতৰত অন্যতম হ’ল ভিটামিন বি৯ বা ফলিক এছিড। এইবিধ ভিটামিন হ’ল পানীত দ্ৰৱণীয় ফ’লেট আকাৰত লাভ কৰা ভিটামিন ‘বি’।

ফলিক এছিড হ’ল মানুহে প্ৰস্তুত কৰা ফলেট। শৰীৰে যিহেতু ফ’লেট প্রস্তুত কৰিব নােৱাৰে, সেইবাবে ইয়াক বাহিৰৰ পৰাই যােগান ধৰা হয়। শৰীৰৰ বিভিন্ন কার্য সম্পাদনৰ বাবে ফ’লেটৰ প্রয়ােজন।

নতুন কোষ গঠনৰ উপৰি প্ৰটিন আদি ভাঙিবলৈ ফলেটৰ খুবেই প্রয়ােজন। এইবিধ ভিটামিন শৰীৰৰ বাবে ইমানেই গুৰুত্বপূর্ণ যে ইয়াৰ অভাৱত ৰক্তহীনতাৰ উপৰি হৃদৰােগ হােৱাৰ আশংকা থাকে।

পিছে এইবিধ ভিটামিন ক’ত পােৱা যায় সেই বিষয়েহে বহুতেই জ্ঞাত নহয়। ভিটামিন বিঃ পাবলৈ হ’লে দৈনন্দিন আহাৰৰ তালিকাত কি কি খাদ্য অন্তর্ভুক্ত কৰিব—

সেউজীয়া সতেজ পালেংশাকত ভিটামিন ‘এ’ ‘চি’ আৰু ‘কে’ থাকে। তদুপৰি ফ’লেট, আয়ৰণ, পটাছিয়াম আদিও পােৱা যায়।

ব্রক’লীত ফলিক এছিডৰ উপৰি ভিটামিন ‘চি আৰু ‘কে’ থাকে। শৰীৰৰ স্বাভাৱিক বিকাশ আৰু কোষ গঠনত ব্ৰক’লীত থকা বিভিন্ন উপাদানে সহায় কৰে।

সদায় যিসকল লােকে কল খায় তেওঁলােকৰ শৰীৰত ফ’লেটৰ অভাৱ নঘটে। কলত ফ’লেটৰ উপৰি কেলছিয়াম, মেগনেছিয়াম,পটাছিয়াম, ৰাইব’ফ্লেভিন, ভিটামিন বি৬ আদি পােৱা যায়।

 

নেমু টেঙাত পােৱা উপাদানৰ ভিতৰত কিছু পৰিমাণে ফ’লেটো থাকে।

 

মাংস বিশেষক লৈ লিভাৰ বা যকৃত, বৃক্ক হ’ল ফলিক এছিডৰ অন্যতম উৎস।

Exit mobile version