আজাদী কা অমৃত মহোৎসৱ উদযাপনত যোগদান এনটিপিচিৰ

চাইক্লিষ্টসকলৰ দিল্লীলৈ পৰৱৰ্তী যাত্ৰাত সমৰ্থন আৰু সন্মান

এনটিপিচি, বঙাইগাঁৱে আজি ভাৰতীয় সেনাৰ প্ৰবীণতম অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ স’তে “আজাদী কা অমৃত মহোৎসৱ” উদযাপনৰ অংশ হিচাপে তেওঁলোকৰ প্ৰায় তিনি হেজাৰ কিঃমিঃ দূৰতৰ ‘ফ্ৰীডম চাইকেল ৰেলী’ত অংশগ্ৰহণ কৰে । ২০২১ৰ পাঁচ ছেপ্টেম্বৰত শ্বিলঙৰ পৰা নতুন দিল্লীলৈ এই ৰেলীৰ আৰম্ভ হৈছিল । স্বাধীন ভাৰতৰ ৭৫ বছৰ, ইয়াৰ জনসাধাৰণ, সংস্কৃতি, সফলতাসমূহৰ গৌৰৱময় ইতিহাসৰ স্মৰণ আৰু “ফিট ইণ্ডিয়া ম’ভমেন্ট”ক উদ্দীপনা যোগাবলৈ এই ৰেলীৰ আয়োজন কৰা হয়।

ইয়াত এনটিপিচি, বঙাইগাঁৱৰ দলৰ হৈ এনটিপিচি, বঙাইগাঁৱৰ ইডি  সুব্ৰত মণ্ডলৰ নেতৃত্বত পাৱাৰ ষ্টেচনটোৰ ভিন্ন বিভাগসমূহৰ কৰ্মচাৰীসকলেৰে পৰিপূৰ্ণ ২০জনৰো অধিক চাইক্লিষ্টে অংশগ্ৰহণ কৰে।

চাইক্লিষ্টসকলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথস্থিত কাশিকোত্ৰৰপৰা খাৰেগাঁওলৈ এনটিপিচি আৰু “আজাদী কা অমৃত মহোৎসৱ”ৰ পতাকা কঢ়িয়াই নিয়ে আৰু ইয়াতে ষ্টেচনটোৰ জ্যেষ্ঠ পৰিচালন মণ্ডলীয়ে চাইক্লিষ্টসকলক সম্বৰ্ধনা জনায়।

ৰাষ্ট্ৰীয় ঘাইপথস্থিত কোকৰাঝাৰ আৰু বঙাইগাঁৱৰ সংগমস্থলত, এনটিপিচি, বঙাইগাঁৱৰ ইডি শ্ৰী সুব্ৰত মণ্ডলৰ নেতৃত্বত আৰু  উমেশ সিং, জিএম (এফএম আৰু পৰিচালনা), এইচ.কে. ব্ৰহ্ম, কমাণ্ডেন্ট, চিআইএছএফ আৰু জ্যেষ্ঠ বিষয়াবৰ্গৰ উপস্থিতিত এনটিপিচিৰ জ্যেষ্ঠ পৰিচালন মণ্ডলীয়ে কৰ্ণেল অজিত খাট্ৰী নেতৃত্বাধীন দিল্লী অভিমুখী ৪০ জনীয়া চাইক্লিষ্টৰ দলটোৰ জোৱানসকলক এই বিনম্ৰ প্ৰয়াসৰ বাবে সম্বৰ্ধনা জনায়।

ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আয়োজিত চমু কাৰ্য্যসূচীত উপস্থিতসকলক সম্বোধন কৰি, কৰ্ণেল খাট্ৰীয়ে কয়, ‘পূৰ্বোত্তৰৰ প্ৰহৰী’ হিচাপে সৰ্বজন বিদিত আছাম ৰাইফলছ উত্তৰ পূৰ্বাঞ্চলৰ শান্তি আৰু উন্নয়ন নিশ্চিতৰ অৰ্থে বদ্ধপৰিকৰ। তেওঁ কেৱল উদযাপনেই নহয় বৰঞ্চ দেশখনৰ বাবে প্ৰাণ বিসৰ্জন দিয়াসকলৰ প্ৰতি এটি শ্ৰদ্ধাৰ্ঘ্য হিচাপে এই প্ৰয়াসলৈ সমৰ্থন জনোৱাৰ ব্যৱস্থা গ্ৰহণৰ বাবে এনটিপিচিক ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ সমগ্ৰ ৰাষ্ট্ৰখন আৰু অসমত এনটিপিচিৰ চিএছআৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু শক্তি খণ্ডৰ গুৰু প্ৰতিষ্ঠানটোক ৰাষ্ট্ৰ নিৰ্মাণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰি যাবলৈ উৎসাহিত কৰে।

উপস্থিতসকলক সম্বোধন কৰি এনটিপিচি, বঙাইগাঁৱৰ ইডি শ্ৰী সুব্ৰত মণ্ডলে দলটোৰ উদ্দীপনাক প্ৰশংসা কৰে আৰু ৰাষ্ট্ৰখনলৈ তেওঁলোকৰ নিঃস্বাৰ্থ বৰঙণিক ধন্যবাদ জনায়। তেওঁ দেশপ্ৰেমৰ উদ্দীপনা সজীৱ কৰি ৰাখিবলৈ তেওঁলোক আটাইৰে সমৰ্পণ আৰু দেশখনলৈ আগবঢ়োৱা সেৱাৰ বাবেও ধন্যবাদ জনায়। বীৰত্বৰ কাহিনীৰ পুনঃস্মৰণৰ চিনস্বৰূপে, মণ্ডল আৰু এনটিপিচিৰ দলটোৱে তেওঁলোকক সন্মান হিচাপে পৰম্পৰাগত আৰণাইৰে সম্বৰ্ধনা জনাই আৰু আপ্যায়ন কৰে।

ক’ভিডৰ বিৰুদ্ধে সুৰক্ষা হিচাপে, এনটিপিচিয়ে তদুপৰি তেওঁলোকৰ দিল্লী অভিমুখী যাত্ৰাত সুৰক্ষাৰ অৰ্থে মাস্ক আৰু ছেনিটাইজাৰ প্ৰদান কৰে।

মেঘালয়ৰ শ্বিলঙৰপৰা যাত্ৰা আৰম্ভ কৰা আছাম ৰাইফলছৰ চাইকেল ৰেলীটোৱে নতুন দিল্লী অভিমুখী যাত্ৰাপথত ভাৰতৰ স্বাধীনতা আন্দোলনৰে সম্পৰ্কীয় গুৰুত্বপূৰ্ণ স্থানসমূহ স্পৰ্শ কৰি যোৱাৰ পৰিকল্পনা কৰিছে। এই ৰেলীয়ে “আজাদী কা অমৃত মহোৎসৱ” উদযাপনৰ উদ্দীপনা জগাই তুলিবলৈ স্থানীয় লোকৰ স’তে মত-বিনিময়কো সামৰি লৈছে। দুই অক্টোবৰত নতুন দিল্লীৰ ৰাজঘাটত এই যাত্ৰাৰ সামৰণি পৰিব।

Exit mobile version