তিনি জিলাৰ বাবে ১৫ ভ্ৰাম্যমাণ ক’ভিড প্ৰতিষেধক বাহনৰ ফ্লেগ অফ কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই

নিজক সুৰক্ষিত কৰিলেহে সমাজ সুৰক্ষিত হ'ব : স্বাস্থ্য মন্ত্ৰী

IMG 20210913 WA0028

স্বাস্থ্য বিভাগে “ভ্ৰাম্যমাণ ক’ভিড প্ৰতিষেধক প্ৰদানকাৰী বাহন”ৰ জৰিয়তে ৰাজ্যখনৰ গাঁৱে-গাঁৱে, চুবুৰীয়ে চুবুৰীয়ে গৈ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলোকে ক’ভিড প্ৰতিষেধক দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ সেই অনুসৰি, আজি উজনিৰ যোৰহাট, মাজুলী আৰু শিৱসাগৰ জিলাৰ বাবে আবণ্টন কৰা ১৫ খন ক’ভিড প্ৰতিষেধক প্ৰদানকাৰী বাহন’ৰ সেৱা আজি যোৰহাটত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ।

ইয়াৰ কটকী পুখুৰী আন্তঃৰাজ্যিক বাছ আস্থানত এই উপলক্ষে অনুষ্ঠিত এক সভাত ফ্লেগ অফ কৰি বাহনসমূহৰ যাত্ৰা আৰম্ভ কৰে । ফ্লেগ অফ কৰাৰ পূৰ্বে দিয়া ভাষণত স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে, কৰ’নাৰ পৰা বাছি থকাৰ মূল চৰ্ত হ’ল : নিজকে প্ৰথম সুৰক্ষিত কৰা, নিজক সুৰক্ষিত কৰিলেহে সমাজ সুৰক্ষিত হ’ব । আনহাতে, নিজক সুৰক্ষিত কৰাৰ প্ৰথম আৰু প্ৰাথমিক অস্ত্ৰ হ’ল প্ৰতিষেধক গ্ৰহণ । সেয়ে চৰকাৰে প্ৰতিষেধক প্ৰদানত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে ।

ৰাজ্যত ১৮ বছৰৰ ঊৰ্ধৰ প্ৰায় দুই কোটি ৩১ লাখ লোক আছে তাৰে দুই কোটি লোকক ইতিমধ্যে প্ৰতিষেধক প্ৰদান কৰা হৈ গৈছে‌ । ইয়াৰে অধিকাংশই দ্বিতীয় পালিও গ্ৰহণ কৰা বুলি উল্লেখ কৰি এতিয়াও যিসকল লোক বাদ পৰি আছে, তেওঁলোকক সামৰি লোৱাৰ উদ্দেশ্যে এই ভ্ৰাম্যমাণ ক’ভিড প্ৰতিষেধক বাহনৰ ব্যৱস্থা কৰা হৈছে । এই বাহনেৰে প্রতিখন গাঁৱৰ প্রতিটো অঞ্চল স্পৰ্শ কৰাৰ সংকল্প লোৱা হৈছে । এই ক্ষেত্ৰত সকলো ৰাইজৰ সহযোগিতা কামনা কৰে স্বাস্থ্য মন্ত্রীজনে ।

প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে এই মাহৰ ২০ অথবা ২১ তাৰিখে ৰাজ্যৰ আঠখন চিকিৎসা মহাবিদ্যালয়ৰ লগত এলানি বৈঠক অনুষ্ঠিত কৰি চিকিৎসা মহাবিদ্যালয়বোৰক কি দৰে অধিক গতিশীল আৰু স্বনিৰ্ভৰশীল কৰি তুলিব পাৰি, তাৰ এক ৰূপ ৰেখা প্ৰস্তুত কৰিব । ইপিনে, যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আদৰণি ভাষণত যোৰহাট জিলাত এশ শতাংশই প্ৰথম পালি গ্রহণ কৰা বুলি ঘোষণা কৰে ।

সভাত উপস্থিতি থাকি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰত্নকান্ত তালুকদাৰৰ উপৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু পৰিবহণ বিভাগৰ দুই সঞ্চালকে ভাষণ দিয়ে । উল্লেখযোগ্য যে যোৰহাট, শিৱসাগৰ আৰু মাজুলী জিলাৰ প্ৰতিখন জিলালৈ পাঁচখনকৈ মুঠ ১৫ খন প্ৰতিষেধক প্ৰদান বাহন আজিৰে পৰা মুকলি কৰা হয় । এই বাহনসমূহে স্থানীয় আশা কৰ্মী, অংগনবাড়ী কৰ্মী, স্বাস্থ্য কৰ্মী, বি এল অ’ আদিৰ সহযোগত এতিয়াও প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত লোকসকলক সামৰি অভিযান আৰম্ভ কৰিব ।

Exit mobile version