মধ্য প্ৰদেশৰ কলেজৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল ৰামৰ ইঞ্জিনিয়াৰিঙৰ পাঠ

mp colleges

নতুন শিক্ষা নীতিৰ অধীনত এইবাৰ মধ্য প্রদেশৰ কলেজৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত হ’ল মহাভাৰত, শ্ৰীৰামচৰিতমানস, যােগাসন, ধ্যান ইত্যাদি। স্নাতক প্রথমবৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব লাগিব এইসমূহ নতুন বিষয়।

কলা বিভাগত ঐচ্ছিক বিষয় হিচাপে থাকিব ‘এপ্লাইড ফিলােছফী অৱ শ্ৰীৰামচৰিতমানস’। আনহাতে, ইংৰাজী স্নাতক পাঠ্যক্ৰমত ফাউণ্ডেচন পাঠ্যক্রম হিচাপে থাকিব চি ৰাজাগােপালচাৰিৰ ৰচিত ‘মহাভাৰতৰ ভূমিকা’।

আনহাতে, তৃতীয় ফাউণ্ডেচন পাঠ্যক্ৰমত ইংৰাজী, হিন্দীৰ লগতে থাকিব যােগাসন আৰু ধ্যান। ছাত্র-ছাত্রীসকলক ঈশ্বৰিক অস্তিত্বৰ প্ৰসংগৰ লগতে ৰামৰ ইঞ্জিনিয়াৰিং অর্থাৎ অভিযান্ত্রিক দক্ষতা, ৰামসেতু নির্মাণ আদি প্ৰসংগৰ শিক্ষাও দিয়া হ’ব।

মধ্য প্রদেশৰ উচ্চ শিক্ষা মন্ত্রী মােহন যাদৱে এই কথা প্রকাশ কৰি কয় যে ছাত্র-ছাত্রীয়ে যাতে জীৱনৰ মূল্যবােধ আৰু ব্যক্তিত্ব বিকাশ সাধন কৰিব পাৰে সেই উদ্দেশ্যৰে এনেবােৰ বিষয়ৰ জ্ঞান প্রদানৰ ব্যৱস্থা কৰা হৈছে।

Exit mobile version