ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত গোপনীয়তা ! পেগাছাছ সম্পৰ্কত কেন্দ্ৰৰ যুক্তি খাৰিজ শীৰ্ষ ন্যায়ালয়ৰ

Pegasus 1

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ যুক্তি দি পেগাছাছ-কাণ্ডৰ তথ্য গোপন কৰিব বিচাৰিছিল নৰেন্দ্র মোদী চৰকাৰে । কিন্তু সোমবাৰে সেই যুক্তি খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে । মুখ্য ন্যায়াধীশ এন ভি ৰমনাই ইয়াকে লৈ ভর্ৎসনা কৰে ছলিচিটৰ জেনেৰছল তুষাৰ মেহতাক ।

পেগাছাছ সন্দৰ্ভত সোমবাৰে শীর্ষ আদালতত মত পৰিৱৰ্তন কৰে কেন্দ্র‌ই । ইমান দিনে মোদী চৰকাৰে জনাই আহিছে, ইজৰাইলৰ পৰা ফোনত দৃষ্টি ৰখা স্পাইৱেৰ ক্ৰয় কৰাৰ বিষয়ত কোনো তথ্য গোপন কৰা নহ’ব । কিন্তু সোমবাৰে শীর্ষ আদালতে শুনানিৰ সময়ত কেন্দ্রৰ কৌশলী মেহতাই কয়, ‘‘সম্পূৰ্ণ বিষয়টোৰ স’তে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্রশ্ন জড়িত । আমি সন্ত্রাসবাদীসকলক জনাব নোৱাৰো, কি ছফ্টৱেৰ ব্যৱহাৰ কৰা হৈছে । এই বিষয়ত কোনো জনসমক্ষত কোনো বিবৃতি দিয়া নহ’ব ।’’

পেগাছাছ-কাণ্ডত বিৰোধীসকলৰ প্রধান দাবী আছিল, মোদী চৰকাৰে ইজৰাইলৰ এনএছ‌অ’ সংস্থাৰ পৰা ফোনত দৃষ্টি ৰখা পেগাছাছ স্পাইৱেৰ ক্ৰয় কৰিছে নে নাই, সেয়া প্রকাশ্যত জনাব লাগিব । কেন্দ্র‌ই পেগাছাছ সম্পৰ্কত সংসদত বিবৃতি দিলেও এই প্রশ্নৰ উত্তৰ দিয়া নাই । ইয়াৰ পাছত পেগাছাছ-কাণ্ডৰ তদন্তৰ দাবীত দাখিল হোৱা জনস্বার্থ গোচৰৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ত তিনি পৃষ্ঠাৰ হলফনামা দিছিল কেন্দ্র‌ই । কিন্তু ইজৰাইলৰ পৰা স্পাইৱেৰ কিনা হৈছিল নে নাই, সেয়া জনোৱা নাই হফলনামাত ।

আগষ্টত উচ্চতম ন্যায়ালয়ত শুনানিত মুখ্য ন্যায়াধীশ ৰমনাই কেন্দ্রৰ ‘দোষ মুক্ত’ক লৈ ছলিচিটৰ জেনেৰেল মেহতাক উষ্মা প্রকাশ কৰিছিল । সুনির্দিষ্ট হলফনামা জমা দিয়াৰ বাবে এমাহ সময়ো দিছিল । কিন্তু সোমবাৰে পেগাছাছক লৈ সুনির্দিষ্ট প্রশ্নৰ উত্তৰত ‘ৰাষ্ট্ৰীয় নিৰাপত্তাৰ’ যুক্তি দাঙি ধৰে মেহতাই । যদিও মুখ্য ন্যায়াধীশে সেই যুক্তি পত্রপাঠ খাৰিজ কৰে । তেওঁ ছলিচিটৰ জেনেৰেলক কয়, ‘‘আগৰ শুনানিত আমি হলফনামা বিচাৰিছিলো আপোনাৰ পৰা । তাৰ বাবে সময়ো দিয়া হৈছিল । কিন্তু আপুনি একেই কাম কৰিলে । এই বিষয়ত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ যুক্তি মানি লোৱা নহ’ব । আমাৰ নাগৰিকসকলে কৈছে, তেওঁলোকৰ ফোনত দৃষ্টি ৰখা হৈছে ।’’

শুনানিৰ এক পর্যায়ত মুখ্য ন্যায়াধীশ ছলিসচিটৰ জেনেৰেলক প্রশ্ন কৰে, ‘‘আপুনাৰ আৰু কিবা ক’বলগীয়া আছে নেকি ?’’ উত্তৰত তুষাৰে কয়, ‘‘নাই’’ । ইয়াৰ পাছত শুনানি-পর্ব শেষ কৰি মুখ্য ন্যায়াধীশৰ মন্তব্য, ‘‘দেখা যাওক, এই বিষয়ত আমি কি নির্দেশ দিব পাৰো ।’’ আগন্তুক দুই-তিন দিনৰ ভিতৰত পেগাছাছ গোচৰত অন্তৰ্ৱর্তী আদেশ ঘোষণা কৰা নহ’ব বুলিও উচ্চতম ন্যায়ালয়ে জনাইছে ।”

উল্লেখ্য যে, ৰাহুল গান্ধী, অভিষেক বন্দোপাধ্যায়ৰ পৰা কেন্দ্রীয় মন্ত্রী, সাংবাদিক, সমাজকর্মী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, অধিবক্তা, নির্বাচন কমিচনাৰ, চিবিআই-কর্তাসহ একাধিক ব্যক্তিৰ মোবাইল হেক কৰি দৃষ্টি ৰখাৰ অভিযোগ কৰা হৈছে মোদী চৰকাৰৰ বিৰুদ্ধে । ২০১৯-ৰ লোকসভা নির্বাচনৰ আগতে ভাৰতত ৩০০ৰ অধিক ফোনত ইজৰাইলৰ পৰা কিনা স্পাইৱেৰ দৃষ্টি ৰখা হৈছিল বুলি ‘পেগাছাছ প্রজেক্ট’ নামে এক তদন্ত প্ৰতিবেদনৰ দাবী । ভাৰতসহ ১৬খন দেশেৰ সংবাদমাধ্যমৰ প্রতিনিধিসকলে মিলি এই তদন্ত চলায় ।

Exit mobile version