এতিয়াও টিকা গ্ৰহণ কৰা নাই? ক’ভিডত মৃত্যুৰ শংকা ১১ গুণ অধিক:দাবী চি ডি চিৰ

UN0423400

আপুনি এতিয়াও ক’ভিডৰ প্রতিষেধক গ্রহণ কৰা নাই নেকি? যদিহে প্রতিষেধক ল’বলৈ বাকী আছে, তেন্তে আজিয়ে নিজৰ টিকাকৰণ কৰাওক। টিকাকৰণ নকৰা ব্যক্তিৰ কৰ’নাত মৃত্যুৰ শংকা ১১ গুণ অধিক হয়। এইদৰে দাবী কৰিলে আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কন্ট্রল এণ্ড প্রিভেনচন (চি ডি চি)-এ।

মার্কিন স্বাস্থ্য গৱেষণা প্রতিষ্ঠানটোৰ অধ্যয়নৰ তথ্য অনুসৰি, যিসকল ব্যক্তিয়ে ক’ভিডৰ কোনাে প্রতিষেধক গ্ৰহণ কৰা নাই, তেনে ব্যক্তি ডেল্টা’সহ কৰ’নাৰ বিভিন্ন প্রজাতিত আক্রান্ত হলে মৃত্যুৰ শংকা ১১ গুণ অধিক থাকে। সেয়েহে চি ডি চিয়ে সকলােকে যথাসম্ভৱ শীঘ্ৰে স্বীকৃতিপ্রাপ্ত ক’ভিড প্রতিষেধক গ্ৰহণ কৰিবলৈ পৰামর্শ দিলে।

Exit mobile version