তামিলনাডুত এসপ্তাহত তৃতীয় নীট পৰীক্ষাৰৰ্থীৰ আত্মহত্যা, এইবাৰ ১৭ বছৰীয়া কিশোৰী

death

তামিলনাডুত আজি পুনৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে আত্মহত্যা কৰিলে । চাৰি দিনৰ ভিতৰতে মেডিকেল প্ৰৱেশিকা পৰীক্ষা ‘নীট’ৰ স’তে জড়িত এইটো তৃতীয়টো মৃত্যু ।

কিশোৰীগৰাকী দৈনিক হাজিৰা কৰা এজন ব্যক্তিৰ জীয়ৰী । তাই স্নাতক মেডিকেল ক’ৰ্চত নাম ভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশিকা পৰীক্ষা (নীট) দিছিল আৰু পৰীক্ষাক চিন্তিত হৈ আছিল । কিশোৰীগৰাকীয়ে দ্বাদশ শ্ৰেণীত ৮৪.৯ শতাংশ লাভ কৰিছিল ।

এই ঘটনাৰ পাছতে ৰাজ্য চৰকাৰে নিট পৰীক্ষা প্ৰত্যাহাৰ কৰে আৰু তামিলনাডুৰ মেডিকেল কলেজত দ্বাদশ শ্ৰেণীৰ নম্বৰৰ ভিত্তিত নামভৰ্তিৰ অনুমতি দি এখন বিল পাছ কৰে ।

দেওবাৰে পৰীক্ষা আৰম্ভ হোৱাৰ আগমুহূৰ্তত এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে আত্মহত্যা কৰে ।

মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে শিক্ষাৰ্থীসকলক নিৰাশ নহ’বলৈ আহ্বান জনায় আৰু আশ্বাস দিয়ে যে তেওঁৰ চৰকাৰে তামিলনাডুত নীট-ৰ বিৰুদ্ধে আইনী যুঁজ অব্যাহত ৰাখিব ।

তামিলনাডুৱে দীৰ্ঘদিন ধৰি নীট-ৰ বিৰোধিতা কৰি আহিছে আৰু ৰাজ্যখনক নিজস্ব মেডিকেল প্ৰৱেশিকা পৰীক্ষা আয়োজন কৰাৰ অনুমতি দিয়াৰ দাবী কৰি আহিছে । ৰাজ্য চৰকাৰৰ মতে, নীট হৈছে ধনাঢ্যসকলৰ বাবে, গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকলে প্ৰশিক্ষণ বহন কৰিব নোৱাৰে । বিগত কেই বছৰত ৰাজ্যখনত ১৫ জন চিকিৎসা প্ৰত্যাশিয়ে আত্মহত্যা কৰিছে ।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ একে ৰাজনে মেডিকেল ভৰ্তিৰ ক্ষেত্ৰত নীট আৰু ক’চিং চেণ্টাৰৰ প্ৰভাৱৰ বিষয়ত অধ্যয়ন কৰিছিল । তেওঁৰ মতে, নীটে স্থানীয় আৰু দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ সম্ভাৱনীয়তাক আঘাত কৰে, সেয়ে ৰাষ্ট্ৰীয় প্ৰৱেশিকা পৰীক্ষা প্ৰত্যাহাৰ কৰিব লাগে ।

Exit mobile version