পুনৰ উত্থাপন ৰেৱতী ফুকনৰ প্ৰসংগ

পুনৰ উত্থাপন হৈছে আলফা(স্বা) আৰু চৰকাৰৰ আলোচনাৰ মধ্যস্থতাকাৰী ৰেৱতী ফুকনৰ প্ৰসংগ ।

আলফা(স্বা) আৰু চৰকাৰৰ মাজত আলোচনাৰ প্ৰসংগ চলি থকা সময়তে ২০১৮ৰ ১৮ এপ্রিলত গুৱাহাটীৰ পৰা নিৰুদ্দেশ হৈছিল ৰেৱতী ফুকন ।

আলফাৰ সেনাধক্ষ্য পৰেশ বৰুৱাৰ বাল্যবন্ধু তথা প্ৰাক্তন ফুটবল খেলুৱৈ ৰেৱতী ফুকনক উদ্ধাৰৰ বাবে পৰিয়ালৰ লোকে বাৰে বাৰে চৰকাৰ প্ৰশাসনক আবেদন জনাই অহাৰ পাছতো আজি পৰ্যন্ত শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই চৰকাৰৰ তথা প্ৰশাসনে ।

বুধবাৰে নিৰুদিষ্ট ৰেৱতী ফুকনৰ জন্মদিনৰ দিনা পুনৰ পিতৃৰ নিৰুদ্দেশৰ প্ৰসংগ উৎত্থাপন কৰিছে পুত্ৰ তথা কিছু মাহৰ পূৰ্বে আলফা (স্বা) আৰু ব্যক্তিগত তৈল প্ৰতিষ্ঠান কুইপৰ মাজৰ মধ্যস্থতাকাৰী কৌশিক ফুকনে ।

এই বিষয়ৰ ওপৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ কৰিলৈ আহ্বান জনোৱাৰ লগতে ৰেৱতী ফুকন নিৰুদ্দেশ হৈ থকাৰ বিষয়টো মুখ্যমন্ত্রীগৰাকীয়ে সমাধান উলিয়াব পাৰিব বুলি বিশ্বাস কৰাৰ কথাও উল্লেখ কৰিছে পুত্র কৌশিক ফুকনে ।

Exit mobile version