দেশত বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য একে কোবে ৯৯৩ টকা বৃদ্ধি কৰাক লৈ ৰাজ্যৰ চৌদিশৰ বহু হোটেল-ৰেস্তোৰাঁ ব্যৱসায়ী উদ্বিগ্ন হৈছে। এনে অৱস্থাতে পোহৰলৈ আহিছে যে উত্তৰ-পূবৰ উচ্চ শিক্ষাৰ অন্যতম প্রাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰাৱাসৰ আৱাসীয়ে চিলিণ্ডাৰৰ অভাৱৰ বাবে বিগত দুমাহ ধৰি এসাঁজ খাই এসাঁজ নোখোৱাকৈ দিন অতিবাহিত কৰিবলগীয়া হৈছে।
সমস্যাটোৰ বিষয়ে কর্তৃপক্ষক অৱগত কৰাৰ পাছতো সকাহ পোৱা নাই বুলি একাংশ ছাত্র-ছাত্রীয়ে জানিবলৈ দিয়ে। লক্ষ্যণীয়ভাৱে বিশ্ববিদ্যালয়ত বিৰাজ কৰা এনে অচলাৱস্থাৰ পাছতো মুখ্যমন্ত্রীসহ ৰাজ্য চৰকাৰৰ শীৰ্ষ স্তৰৰ গা নলবাৰ অভিযোগ উত্থাপিত হৈছে। ফলত ছাত্র-ছাত্রীসকলে এসাঁজ খাই এসাঁজ নোখোৱাকৈয়ে শিক্ষা গ্রহণ কৰি থাকিবলগীয়া হৈছে।
এই সম্পর্কত এজন ছাত্রই কয়, ‘দুমাহ পূর্বেই এই সমস্যাৰ উদ্ভৱ হ’ল। কেতিয়াবা কর্তৃপক্ষই চিলিণ্ডাৰ যোগান ধৰে যদিও দুই-তিনি দিনৰ ভিতৰতে শেষ হয়। ফলত আমি বহু সময়ত নিশাৰ সাঁজ নোখোৱাকৈয়ে বিছনাত উঠিবলগীয়া হয়।’
উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ যাণ্মাসিক পৰীক্ষাৰ দিনো চমু চাপি আহিছে। গতিকে বিভিন্ন ছাত্রাবাসৰ ছাত্র-ছাত্রীসকলৰ মাজত উদ্বিগ্নতাও বৃদ্ধি পাইছে।
ইপিনে, ৰাজ্যৰ বিভিন্ন স্থানত বাণিজ্যিক চিলিণ্ডাৰৰ অভাৱ ঘটাৰ তথ্যও পোহৰলৈ আহিছে। এনে অৱস্থাতে চৰকাৰে একোটা ১৯ কিলোগ্রামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য তিনি হেজাৰ টকাৰো অধিকলৈ বৃদ্ধি কৰিছে। ইয়াক লৈ অধিক উদ্বিগ্ন হৈছে ক্ষুদ্র হোটেল আৰু ৰেস্তোৰাঁ ব্যৱসায়ীসকল।
একাংশ হোটেল আৰু ৰেস্তোৰাঁ ব্যৱসায়ীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘চিলিণ্ডাৰৰ মূল্যবৃদ্ধি ঘটিল। আমিও বন্ধন খাদ্যৰ মূল্যবৃদ্ধি কৰিবলগীয়া হ’ব। তেতিয়া গ্রাহক হ্রাস পোৱাৰ আশংকা আছে। ইতিমধ্যে আমাৰ অবস্থা বেয়া হৈছে।’
একেদৰে ডিব্ৰুগড়ৰ এখন মহাবিদ্যালয়ত কৰ্মৰত এগৰাকী অধ্যাপিকাই কয়, ‘মম’ খাবলৈ মন যোৱাত মম’ বিক্ৰী কৰা দোকানলৈ গ’লো। বাইদেউরে মম’ বনোবা বাদ দিলে চিলিণ্ডাৰৰ কাৰণে। কেৱল চাহহে বিক্ৰী কৰি আছে। একাংশই দোকানো বন্ধ কৰিছে। এতিয়া বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ লগে লগে একাংশৰ জীবিকালৈকে ভাবুকি আহিব।’






























