৯১ বছৰ বয়সতো একচন ছবিত অভিনয়ত ব্যস্ত ক্লিণ্ট ইষ্ট‌উড

shutterstock 5892876y

৯১ বছৰ বয়সত সাধাৰণতে সৰহসংখ্যকে লোকেই কৰ্মোদ্যম হেৰুৱায় । অনেকে এই বয়সত শয্যাশয়ীও হয় । মানৱ শৰীৰক জীৱনৰ অন্তিম বয়সত সাধাৰণতে একাধিক ৰোগ-ব্যাধিয়ে দুৰ্বল কৰি তোলে ।

বাৰ্ধক্যৰ এনে প্ৰচলিত ধাৰণাক মিথ্যা প্ৰমাণ কৰিলে হলিউডৰ কিংবদন্তি অভিনেতা আৰু ক্লিণ্ট ইষ্ট‌উডে । ৯১ বছৰ বয়সীয়া এইজন অস্কাৰজয়ী অভিনেতা আৰু পৰিচালকে পুনৰ একচন ছবিত অভিনয় কৰিলে । ইষ্ট‌ইউডৰ অভিনীত আৰু পৰিচালিত নতুন ছবিখনৰ নাম হৈছে ‘ক্ৰাই মাচো’ ।

অহা ১৭ ছেপ্টেম্বৰত একচনৰে ভৰপূৰ এইখন ছবিয়ে প্ৰেক্ষাগৃহত মুক্তি লাভ কৰিব । তদুপৰি এইচ বি অ’ মেক্স অ’ টিটি মঞ্চতো ছবিখন মুক্তি দিয়া হ’ব । ১৯৫৫ৰ পৰা হলিউডত অভিনেতা হিচাপে সক্ৰিয় হৈ থকা ইষ্ট‌উডে নতুন ছবিখনতো ঘোঁৰা চেকুৰাব আৰু মাৰপিটত অংশ ল’ব ।

বাৰ্ধক্য সন্দৰ্ভত বৰ্ষীয়ান অভিনেতা-পৰিচালকজনে এইদৰে কয়, ‘এই বিষয়ে ম‌ই কেতিয়াও চিন্তা কৰা নাই । ম‌ই যদি সেই একেজন লোক হৈ থকা নাই, এই বিষয়ত ম‌ই কিবা জানিব নিবিচাৰো । ম‌ই সদায় কৰ্মত বিশ্বাসী ।’

Exit mobile version