কানাডাত ২০ ছেপ্টেম্বৰত হ’ব নির্বাচন, ট্ৰুডুৰ জয় কঠিন

83029 madduoktub 1519581263

অহা ২০ ছেপ্টেম্বৰত কানাডাত সাধাৰণ নির্বাচন অনুষ্ঠিত হ’ব। এইবাৰৰ নিৰ্বাচনত কানাডাৰপ্রধানমন্ত্রী জাষ্টিন ট্ৰুডুৰ পুনৰ বিজয় কঠিন হ’ব বুলি ৰাজনৈতিক পর্যবেক্ষকসকলে মত পােষণ কৰিছে।

ট্ৰুডুৰ লিবাৰেল পার্টি নির্বাচনী প্রচাৰে কানাডাৰ ভােটদাতাৰ দৃষ্টি এইবেলি বিশেষভাৱে আকর্ষিত কৰিবলৈ সক্ষম হােৱা নাই। একাধিক বিষয়ত কানাডাবাসীয়ে ট্ৰুডুৰ লগতে লিবাৰেল পাৰ্টিৰ প্রতি অসন্তুষ্টি প্রকাশ কৰি আহিছে আৰু ইয়াৰ প্ৰভাৱ আগন্তুক নির্বাচনত পৰাৰ শংকা আছে।

উল্লেখ্য যে ২০১৫ পৰা ট্ৰুডুৱে কানাডাৰ প্রধানমন্ত্রী হৈ আছে। কানাডাৰ মুঠ জনসংখ্যাৰ ১৬ লাখৰাে অধিক হৈছে ভাৰতীয় মূলৰ নাগৰিক। এইসকলৰ পাঁচ লাখ হৈছে শিখ সম্প্রদায়ৰ। সেয়েহে কানাডাৰ নিৰ্বাচনত ভাৰতীয় মূলৰ নাগৰিকসকলে বিশেষ ভূমিকা গ্রহণ কৰি আহিছে।

Exit mobile version