কাবুল এৰি পলায়ন উপ-প্ৰধানমন্ত্ৰী বৰাডৰৰ

মৃত্যু হোৱা বুলিও ব্যাপক চর্চা আৰম্ভ, নস্যাৎ কৰিলে তালিবানে

Abdul Ghani Baradar 20 16180221

অস্ত্ৰৰ জৰিয়তে আফগানিস্তানত শাসনলৈ অহা তালিবানে চৰকাৰ গঠন কৰাৰ পাছতে তুমুল আভ্যন্তৰীণ সংঘর্ষত লিপ্ত হৈছে সংগঠনটোৰ নেতাসকল। সূত্রত প্রকাশ যে কাবুলৰ ৰাষ্ট্রপতি ভৱনত তীব্র সংঘাতৰ পাছতে আফগানিস্তানৰ নতুন উপ-প্রধানমন্ত্রী তথা সংগঠনটোৰ অন্যতম প্রতিষ্ঠাতা মােল্লা আব্দুল গণি বৰাডৰে কান্দাহাৰলৈ পলায়ন কৰিছে। আফগানিস্তানত সদ্যগঠিত অন্তর্বর্তীকালীন চৰকাৰ ঘােষণাৰ পাছত তালিবান নেতাসকলৰ অন্তৰ্কন্দলৰ ফলতে এই সংঘৰ্ষৰ সৃষ্টি হয়।

ক’লৈ পলাল দুর্ধর্ষ তালিবান নেতা ?

ৰাষ্ট্ৰখনৰ নতুন উপ-প্রধানমন্ত্রী আব্দুল গণি বৰাডৰ অন্তর্বর্তীকালীন চৰকাৰক লৈ গভীৰভাৱে অসন্তুষ্ট হৈ আছিল। বিগত সপ্তাহত এই নতুন চৰকাৰ গঠনক লৈয়ে তালিবানৰ নেতাসকলৰ মাজত তুমুল সংঘাতৰ সৃষ্টি হয়। ৰাষ্ট্রপতি ভৱনত দুর্ধর্ষ নেতা গণি বৰাডৰ আৰু এজন কেবিনেট সদস্যৰ মাজত তীব্র বিতর্কৰ সূচনা হয়।

এই বিতর্কৰ পাছতে তেওঁ কাবুল ত্যাগ কৰে আৰু কান্দাহাৰলৈ যায়। এই সংঘাতৰ বাবেই সম্প্রতি তেওঁ সন্ধানহীন বুলি চৰ্চা চলিছে। তালিবানৰ আভ্যন্তৰীণ সংঘাত আৰু অন্যতম শীর্ষ নেতা সন্ধানহীন হােৱাৰ মাজত সম্পর্ক আছে বুলি চৰ্চা চলিছে। আনকি তালিবানৰ এই আভ্যন্তৰীণ সংঘর্ষত বৰাডৰ নিহত হােৱা বুলি বিগত সপ্তাহত বাতৰি প্ৰচাৰিত হৈছিল।

অৱশ্যে মঙলবাৰে তালিবানে এক অডিঅ’ বার্তাত দাবী কৰে যে তেওঁ জীৱিত আছে। অৱশ্যে এই দাবীৰ সত্যতাক লৈ ইতিমধ্যে বিভিন্ন মহলত সংশয়-সন্দেহৰ সৃষ্টি হৈছে। সম্প্রতি ৰাজহুৱাভাৱে তেওঁ কোনাে স্থানতে দৃষ্টিগােচৰ হােৱা নাই। এই প্রসংগতে চর্চা চলিছে যে বৰাডৰ সন্ধানহীন হােৱাৰ পাছৰে পৰা তালিবান নেতৃত্বৰ ভিতৰত মতানৈক্য আৰম্ভ হৈছে।

কিয় এই সংঘাত?

আফগানিস্তান পুনৰ দখলৰ কৃতিত্ব কাৰ তাকে লৈয়ে সংঘাত আৰম্ভ হােৱা বুলি সূত্রত প্রকাশ। এই পুনৰুত্থানৰ আঁৰৰ প্রধান নায়কজন কোন তাকে লৈ দুই তালিবান নেতাৰ মাজত মূল কাজিয়া আৰম্ভ হয়। এজন হৈছে বর্তমান সন্ধানহীন বৰাডৰ আৰু আনজন হৈছে হাক্কানি নেটৱৰ্কৰ শীর্ষ নেতা তথা অন্তর্বর্তী চৰকাৰৰ শৰণার্থী বিভাগৰ মন্ত্রী খলিল-উৰ-ৰহমান হাক্কানি। এই দুয়ােৰে মাজত তীব্র কথা কটাকটি হয়।

সমান্তৰালভাৱে তেওঁলােকৰ ওচৰতে থকাৰ অনুগামীসকলৰ মাজত ইয়াকে লৈ সংঘৰ্ষৰ সৃষ্টি হয়। তালিবানৰ পুনৰ ক্ষমতা দখলৰ প্ৰধান দাবীদাৰ হৈ উঠিছে এই দুই নেতা। যাক লৈ ৰাষ্ট্রপতি ভৱনতে সমর্থকসকলৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হয়। বৰাডৰৰ দাবী মতে, তেওঁৰ কূটনীতিৰ বাবেই তালিবানৰ আফগানিস্তান দখল সম্ভৱ হৈ উঠিছে। ইপিনে, হাক্কানি নেটৱৰ্কৰ দাবী যে তেওঁলােকে যুদ্ধ কৰি ক্ষমতা কাঢ়ি আনিছে।

অৱশ্যে তালিবানৰ তৰফৰ পৰা এই দাবী অস্বীকাৰ কৰা হৈছে। কাটাৰৰ এজন জ্যেষ্ঠ তালিবান নেতা তথা সংঘর্ষত জড়িতসকলৰ স’তে যােগাযােগত থকা এই নেতাজনে নিশ্চিত কৰে যে বিগত সপ্তাহতে এই বিবাদ হৈছিল। মন কৰিবলগীয়া যে দুর্ধর্ষ তথা অন্যতম প্রভাৱশালী হাক্কানি নেটৱৰ্ক আফগানিস্তানত আফগান বাহিনী আৰু তেওঁলােকৰ সহযােগী পশ্চিমীয়া বাহিনীৰ বিৰুদ্ধে চলােৱা অতিশয় হিংসাত্মক আক্রমণৰ ঘটনাত জড়িত আছিল।

শেহতীয়া সময়ছােৱাত হাক্কানি নেটৱর্কে আফগান বাহিনী আৰু পশ্চিমীয়া সহযােগী দলৰ বিৰুদ্ধে কে’বাটাও ভয়াৱহ আক্ৰমণৰ ঘটনা সংঘটিত কৰে। এই সংগঠনটো আমেৰিকাই সন্ত্রাসবাদী সংগঠন বুলি তালিকাভুক্ত কৰিছে। সম্প্রতি আফগানিস্তানত তালিবানৰ পুনৰুত্থানৰ কৃতিত্ববাহী হৈ উঠাৰ পাছতে দুটা পক্ষৰ মাজত জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। ইপিনে, অনতিপলমে বৰাডৰ উভতি আহিব তথা মুখ খুলিব বুলিও প্রচাৰ হৈছে।

এই সংঘৰ্ষৰ বিষয়টো তেওঁ অস্বীকাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। সূত্রত প্রকাশ যে কাবুল দখলৰ পাছতে তালিবানৰ দ্বিতীয় সর্বোচ্চ নেতা বৰাডৰৰ স’তে পাকিস্তান মদতপুষ্ট হাক্কানি নেটৱৰ্কৰ বিবাদ আৰম্ভ হােৱা বুলি চৰ্চা চলিছিল। নতুন চৰকাৰত ক্ষমতাৰ ভাগ বাটোৱাৰাক লৈ সৃষ্টি হােৱা উক্ত বিতর্কত হাক্কানি নেটৱৰ্কৰ দ্বাৰাই সংঘর্ষত বৰাডৰ নিহত হােৱা বুলি বাতৰি প্ৰচাৰ হৈছিল যদিও এই কথা অস্বীকাৰ কৰা হৈছে।

ৰাষ্ট্রপতি ভৱনত উপস্থিত থকা তালিবান কমাণ্ডাৰ এজনে সংবাদ মাধ্যমক কয় যে ঘটনাৰ দিনা বৰাডৰৰ স’তে উত্তপ্ত বাক্য বিনিময় হৈছিল হাক্কানি নেতাৰ আৰু ফলশ্রুতিত দুয়ােপক্ষৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ। ইয়াকে লৈ উত্তেজনা সৃষ্টি হয় আৰু বৰাডৰ সন্ধানহীন হােৱাৰ পাছত সম্প্রতি তালিবানৰ ভিতৰচ’ৰাত অশান্তিৰ পৰিস্থিতি বিৰাজ কৰিছে।

উল্লেখ্য যে তালিবান চৰকাৰত অন্তর্ভুক্ত কৰা সম্প্রচাৰ মন্ত্রী নাজমুল্লা হাক্কানিও ৰাষ্ট্ৰসংঘৰ দ্বাৰা চিনাক্ত সন্ত্রাসবাদী। তুলনামূলকভাৱে হাক্কানি নেটৱৰ্কৰ এই দুই সন্ত্রাসবাদী নেতাৰ বিপৰীতে তালিবানৰ ৰাজনৈতিক শাখাৰ মুৰব্বী বৰাডৰৰ আন্তর্জাতিক মহলত গ্রহণযােগ্যতা বেছি। কাটাৰৰ ৰাজধানী বহাত তালিবানৰ শান্তি আলােচনাত তেওঁ অন্যতম অংশগ্রহণকাৰী।

ধাৰাবাহিকভাৱে তেওঁ আলােচনাত ভাগ লৈছিল। তদুপৰি ২০২০ত তদানীন্তন মার্কিন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্প স’তেও আলােচনাত মিলিত হােৱা প্ৰথমজন তালিবান নেতা বৰাডৰ। সূত্রত প্রকাশ যে সম্প্রতি বৰাদৰে কান্দাহাৰলৈ গৈ তালিবানৰ শীর্ষ নেতা মহম্মদ হাইবাতুল্লাহ আখুজাদাৰ স’তে সাক্ষাৎ কৰি সম্প্রতি তেওঁ কিছুদিন উভতি যাব নিবিচাৰে বুলি কৈছিল।

Exit mobile version