চাৰধাম যাত্ৰাত অনুমতি প্রদান উত্তৰাখণ্ডৰ উচ্চ ন্যায়ালয়ৰ,তীৰ্থযাত্ৰীসকলে মানিব লাগিব এইসমূহ নিয়ম

16 09 2021 chardham yatra 2021 news 2021916 133516

অৱশেষত চলিত বৰ্ষতে চাৰধাম যাত্ৰাৰ অনুমতি দিলে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে । বৃহস্পতিবাৰে আদালত জনায় যে, তীৰ্থযাত্ৰীসকলে চাৰধামলৈ যাত্ৰা কৰিব পাৰিব।

কিন্তু তাৰ বাবে তেওঁলোকে অনুসৰণ কৰিব লাগিব বহুতো নিয়ম। একে সময়তে, উচ্চ ন্যায়ালয়ে তীৰ্থযাত্ৰীৰ সংখ্যাও নিৰ্ধাৰণ কৰি দিছে।

উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে জনায় যে কেদাৰনাথত ৮০০ ,বদ্ৰীনাথত ১২০০ জন , গঙ্গোত্ৰীত ৬০০ আৰু যমুনোত্ৰীত ৪০০ জন তীৰ্থযাত্ৰীক ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হৈছে।

অৰ্থাৎ এটা ঋতুত মুঠ ৩০০০ তীৰ্থযাত্ৰীক চাৰধাম ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হৈছে। কেৱল সেয়াই নহয়, আদালতে কয় যে তীৰ্থযাত্ৰীসকলে ক’ভিড নিগেটিভ প্ৰতিবেদন বা দুটা পালি টিকাকৰণ প্ৰমাণপত্ৰ নিয়াটো বাধ্যতামূলক।

চলিত বৰ্ষৰ এক জুলাইত আৰম্ভ হোৱা কথা আছিল চাৰধাম যাত্ৰা । কিন্তু উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে ক’ভিড সংক্ৰমণৰ কথা বিবেচনা কৰি চাৰধাম যাত্ৰা স্থগিত ৰাখিছিল।

চাৰধাম যাত্ৰাৰ বাবে নতুন ক’ভিডবিধি জাৰী কৰিছিল উত্তৰাখণ্ড চৰকাৰে । এক জুলাই যাত্ৰাৰ প্ৰথম পৰ্যায় আছিল। যাত্ৰাৰ দ্বিতীয় পৰ্যায়টো ১১ জুলাইত নিৰ্ধাৰণ কৰা হৈছিল।

দেশত যেতিয়া ক’ভিড পৰিস্থিতি শীৰ্ষত আছিল, উত্তৰাখণ্ড চৰকাৰে কুম্ভ মেলাক অনুমতি দি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। ফলস্বৰূপে, উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে চাৰধাম যাত্ৰা স্থগিত ৰাখে। অৱশেষত সেই অনুমতি দিলে আদালতে ।

Exit mobile version