তিনিচুকীয়া অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

বৃহস্পতিবাৰে দিনৰভাগত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আঞ্চলিক ছাত্ৰ সন্থাৰ কায্যালয়ৰ সন্মুখত তিনিচুকীয়া অঞ্চলটোৰ বাটপথৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কায্যসূচীৰ ৰূপায়ণ কৰে ৷

উক্ত অৱস্থান ধৰ্মঘট কায্যসূচীৰ জৰিয়তে তিনিচুকীয়াত যানজঁটৰ সমস্যা দূৰ কৰা, অবৈধ পদপথ দখল উচ্ছেদ কৰা, খোৱা পানী যোগান ব্যৱস্থা দ্ৰুতগতিত কাম কৰি সমাধান কৰাৰ লগতে কেইবাটাও সমস্যা সমাধানৰ দাবী ৷

অতিসোনকালে উপৰোক্ত সমস্যাসমূহ সমাধান নকৰিলে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰো হুংকাৰ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ৷

Exit mobile version