Sidharth-ৰ মৃত্যুৰ পাছত পুনৰ পৰ্দাত ঘূৰি আহিবলৈ সাজু Shehnaaz ,সুখবৰ শ্বেয়াৰ কৰিলে দিলজিতে

pjimage 25 1631695009

পুনৰ শ্বুটিঙৰ মাজলৈ উভতাৰ পথত শ্বেহনাজ গিল।অভিনেতা দিলজিৎ দ’ছানঝৰ লগত এখন ছবিত অভিনয় কৰিব শ্বেহনাজে।ছবিখনৰ নাম Honsla Rakh । ছবিখনৰ ডাবিং আৰম্ভ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

শ্বেহনাজ গিলৰ অনুৰাগীসকলে বহুদিনৰ পৰা ছবিখনৰ বাবে অপেক্ষা কৰি আছে।অৱশেষত বৃহস্পতিবাৰে নিজৰ ইনষ্টাগ্ৰাম ষ্টৰিত দিলজিতে লিখিছে,অতি শীঘ্ৰেই এই ছবিৰ ডাবিং আৰম্ভ কৰিব তেওঁ।

লগতে তেওঁ জনাইছে খুব শীঘ্ৰেই ছবিখনৰ টিজাৰো মুকলি কৰা হ’ব।এই খবৰ পোহৰলৈ অহাৰ পাছতে সামাজিক মাধ্যমত উৎসাহ বাঢ়িছে শ্বেহনাজৰ অনুৰাগীসকলৰ ।

টুইটাৰত শ্বেহনাজক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে তেওঁৰ অনুৰাগীসকলে ।এইয়া প্ৰথমবাৰৰ বাবে একে লগে অভিনয় কৰিছে দিলজিৎ আৰু শ্বেহনাজ।এই ছবিখনত অভিনয় কৰাৰ লগতে ছবিখন প্ৰয়োজনাও কৰিছে দিলজিতে। অহা ১৫অক্টোবৰত মুক্তি পাব Honsla Rakh।

Exit mobile version