কাবুলত ড্ৰ’ন আক্ৰমণত মৃত্যু ১০ আফগানিৰ, দোষ স্বীকাৰ পণ্টাগনৰ

AP21245757666095

আমেৰিকাৰ ড্র’ন আক্ৰমণৰ পাছত স্থানীয় সংবাদমাধ্যমে দাবী কৰিছিল, সেই আক্ৰমণত এটা পৰিয়ালৰে সাত শিশুসহ মুঠ ১০ জন সদস্যৰ মৃত্যু হৈছিল । সেই দাবী অবশেষত মানি ল’লে পেন্টাগনে । এই ঘটনাৰ বাবে দুখ প্রকাশ কৰিছে আমেৰিকাই ।

এই প্ৰসংগত আমেৰিকাৰ চেন্ট্রেল কমাণ্ডৰ কমাণ্ডাৰ জেনেৰেল কেনেথ মেকেঞ্জিয়ে সংবাদমাধ্যমক জনায়, ‘‘সেই আক্ৰমণ এটা দুখজনক ঘটনা । ভুল বশতঃ সাধাৰণ মানুহৰ মৃত্যু হৈছে । তাৰ বাবে আমি ক্ষমাপ্রার্থী ।’’ তেওঁ লগতে জনায়, আক্ৰমণত যিসকলৰ মৃত্যু হৈছে তেওঁলোকৰ পৰিয়ালক কেনেদৰে ক্ষতিপূৰণ দিব পাৰি সেই বিষয়ে আলোচনা কৰিছে পেন্টাগনে ।

ইপিনে, আমেৰিকাৰ প্রতিৰক্ষা সচিব লয়েড অষ্টিনে কয়, ‘‘ড্র’ন আক্ৰমণত যিসকলৰ মৃত্যু হৈছে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল গভীৰ সমবেদনা জনাইছো । আমি ক্ষমাপ্রার্থী । এই ভুলৰ পৰা ভৱিষ্যতে আমি শিক্ষা ল’ম ।’’

কিন্তু কিয় ইমান ডাঙৰ ভুল হ’ল আমেৰিকাৰ ? সেই প্রসংগত কেনেথে কয়, ‘‘আমি খবৰ পাইছিলো বগা ৰঙৰ এখন বাহনত সন্ত্ৰাসবাদীসকল গৈ আছে । আমি গাড়ীৰ গতিবিধি লক্ষ্য কৰি আক্ৰমণ কৰিছিলো । কিন্তু পৰৱৰ্তী সময়ত তদন্ত কৰি গ’ম পালো আমি ভুল খবৰ পাইছিলো ।’’

যোৱা ২৯ আগষ্টত সন্ধ্যিয়া কাবুলত এখন গাড়ীক লক্ষ্য কৰি ড্র’ন আক্ৰমণ চলায় আমেৰিকাই । তেওঁলোকে দাবী কৰে সেই গাড়ীত আইছিছ সন্ত্ৰাসবাদীসকল আছে । কিন্তু এই আক্ৰমণৰ পাছতেই কাবুলৰ বাসিন্দা জেমাৰি আহমদিৰ পুত্ৰী ছামিয়া আহমদিয়ে দাবী কৰে এই আক্ৰমণত তেওঁলোকৰ পৰিয়ালৰ ১০ জনৰ মৃত্যু হৈছে । সেই দাবীয়ে স্বীকাৰ কৰিলে আমেৰিকাই ।

Exit mobile version