মূল্যবৃদ্ধি, নিৱনুৱা সমস্যাক লৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সংবাদমেল ৰাজীৱ ভৱনত

আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেতৃত্বত সাম্প্ৰতিক সময়ত মূল্যবৃদ্ধি, নিৱনুৱা সমস্যা আদিৰ দৰে সমস্যাই দেশত যি পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এক সংবাদমেল আয়োজন কৰা হয় । উক্ত সংবাদমেলত সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে এক সবল কন্ঠ জাগৰণ কৰাৰ স্বাৰ্থত মুখপাত্ৰ বাছনিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক বক্তৃতা প্ৰতিযোগিতাৰো (Young India Ki Aawaz) অনুষ্ঠিত কৰা হয় ।

সংবাদমেলত উপস্থিত থাকে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ জৈন, প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী আৰু যুৱ কংগ্ৰেছৰ সতীৰ্থসকল ।

ৰাষ্ট্ৰীয় সম্পাদক অজয় চিকাৰা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী, ৰাজ্যিক সাধাৰণ সম্পাদক সুমন কল্যান বৰা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখপাত্ৰ মমতাজ বেগম ।

আজিৰ সংবাদমেলত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী শেহতীয়াভাৱে ৰাজ্য চৰকাৰে টেট পৰীক্ষাৰ কেন্দ্ৰৰ বাবে অসমৰ সাতখন জিলাক বাদ দিয়া কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

Exit mobile version