ইংলেণ্ডৰ ১৯৬৬ৰ বিশ্বকাপ জয়ী দলৰ ফুটবল খেলুৱৈ জিমি গ্রিভছৰ দেহাৱসান

GettyImages 452567702 2

ইংলেণ্ডৰ প্রাক্তন ফুটবল খেলুৱৈ জিমি গ্রিভছৰ দেহাৱসান ‌। দেওবাৰে টুইটাৰত তেওঁৰ মৃত্যুৰ খবৰ জনাইছে টটেনহেম হটস্পাৰে । ৮১ বছৰ বয়সত প্রয়াত হ’ল গ্রিভছ । তেওঁৰ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে ইংলেণ্ডৰ ফুটবল জগতত ।

দেশৰ সোণাৰ প্রজন্মৰ সদস্য আছিল গ্রিভছ । ইংলেণ্ডৰ ১৯৬৬ বিশ্বকাপ জয়ী দলৰ সদস্য আছিল তেওঁ। দেশৰ হৈ ৫৭টা মেচত ৪৪টা গোল কৰিছিল । লগতে ক্লাৱ পর্যায়ত টটেনহেম আৰু চেলছিত খেলিছিল । এই পর্যন্ত টটেনহেমৰ সর্বোচ্চ গোলদাতা তেঁৱেই । ৩৭৯টা মেচত ২৬৬ গোল কৰিছিল তেওঁলোকৰ হৈ । ১৯৬২-৬৩ত ৩৭টা গোল কৰে, যিটো ক্লাৱৰ অন্য কোনো ফুটবল খেলুৱৈয়ে এই পর্যন্ত কৰিব পৰা নাই । এসময়ত টটেনহেমৰ এইটোৱে সর্বোচ্চ গোল আছিল ।

দেওবাৰে তেওঁৰ মৃত্যুৰ খবৰ পায় টটেনহেমে লিখে, ‘জিমি গ্রিভছৰ মৃত্যুৰ খবৰত আমি প্রত্যেকেই ব্যথিত । তেওঁ কেৱল টটেনহেমৰ হৈ সর্বোচ্চ গোলদাতাই নাছিল, দেশৰ অন্যতম শ্ৰেষ্ঠ গোলদাতাও আছিল । দেওবাৰে পুৱা ৮১ বছৰ বয়সত তেওঁৰ মৃত্যু হয় ।’

Exit mobile version