ইউ‌এলবিক সশস্ত্ৰ পন্থা পৰিহাৰ কৰাৰ আহ্বান গোবিন্দ বসুমতাৰীৰ

বন্দুকেৰে নহয়, আলোচনাৰেহে সমস্যাৰ সমাধান হয়

WhatsApp Image 2021 09 19 at 6.57.07 PM

পুনৰ বড়ো ভূমিত জন্ম হ’ল সশস্ত্ৰ বিদ্ৰোহী সংগঠন ইউনাইটেড লিবাৰেচন ফৰ বড়োলেণ্ড চমুকৈ ইউ‌এলবি-ৰ । বড়ো ভূমিত ইতিপূৰ্বে সংগঠিত হোৱা আটাইবোৰ বিদ্ৰোহী সংগঠনে যুদ্ধবিৰতি তথা সংগঠন ভংগৰ ঘোষণা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছত এইবাৰ ইউ‌এলবি নামৰ সশস্ত্ৰ সংগঠনটোৰ জন্ম লাভৰ পাছতে বড়ো ভূমিত পুনৰ ৰক্তাক্ত হোৱাৰ আশংকাই দেখা দিছে ।

উল্লেখ্য যে বিগত ১৫ ছেপ্টেম্বৰ তাৰিখে ঘন জংঘলৰ পৰা ৰাজ্যৰ সংবাদমাধ্যমসমূহলৈ প্ৰেৰণ কৰা ভিডিঅ’ প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনটোৰ অজ্ঞাত নেতৃত্ব‌ই কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশৰ লগতে তেওঁলোকে দিয়া দাবী পুৰণ নহ’লে অক্টোবৰত বিটিআৰৰ লগতে সমগ্ৰ অসমত বোমা বিস্ফোৰণৰ হুংকাৰ প্ৰদান কৰিছিল । যি হুংকাৰৰ পাছতে এতিয়া ৰাজ্যৰ গৃহবিভাগ তথা বিটিআৰবাসী ৰাইজৰ মাজত তীব্ৰ আতংক‌ই বিৰাজ কৰিছে ।

বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰৰ লগতে বিটিআৰ চৰকাৰে গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত আজি ওদালগুৰিত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ইতিপূৰ্বে ভংগ হোৱা এনডিএফবিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিধায়ক আৰু বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ।

ইউএলবি সদৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত বসুমতাৰীয়ে কয়, “২০২০ৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত হোৱা বিটিআৰ শান্তি চুক্তিৰ পাছত সমগ্ৰ ৰাজ্যৰ লগতে বিটিআৰলৈ স্থায়ী শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ বাবে সকলোৱে আশা প্ৰকাশ কৰিছিলো । কিন্তু বৰ্তমানৰ শান্তিৰ পৰিৱেশত দুই এজন পথভ্ৰষ্ট ল’ৰাই অশান্তিৰ পৰিৱেশ অনাৰ চেষ্টা কৰি আহিছে । তাৰ এক অংশ হিচাপে নতুনকৈ ইউ‌এলবি নামৰ সংগঠনটোৰ জন্ম হোৱাৰ খবৰ লাভ কৰা হৈছে । ই অতি দুৰ্ভাগ্যজনক আৰু এনে ঘটনা আমি বিচৰা নাছিলো । বন্দুকৰ দ্বাৰা সমস্যাৰ সমাধান নহয় । ম‌ই বিগত ৩৫টা বছৰে সংগ্ৰাম কৰি আহিলো । ইয়াৰে ১৯ টা বছৰ সশস্ত্ৰ সংগ্ৰাম কৰাৰ লগতে ১৫ বছৰ চৰকাৰৰ স’তে শান্তিপূৰ্ণভাৱে আলোচনা চলাই সমস্যাসমূহ সমাধান কৰিছো । ফলত নিজা অভিজ্ঞতাৰ পৰা ক’ব বিচাৰো যে আলোচনাৰ দ্বাৰাহে সমস্যা সমাধান কৰিব পাৰি ।

২০২০ৰ শান্তি চুক্তিৰ পাছত আজি ইউ‌এলবিৰ নামত যিসকলে হাতত অস্ত্ৰ তুলি লৈছে তেওঁলোক সশস্ত্ৰ সংগ্ৰামী নহয়, তেওঁলোক উগ্ৰপন্থীহে । তেওঁলোকৰ কোনো লক্ষ্য আৰু উদ্দেশ্য নথকাৰ বাবে জনসাধাৰণো তেওঁলোকৰ লগত নাই । ফলত জন্ম হোৱাৰ দুদিন পাছতে সংগঠনটোৰ এনে অৱস্থা হ’ল । সেয়েহে আমি তেওঁলোকক শান্তিৰ পথত সহযোগিতাৰ আহ্বান জনাই ভুল পথ ত্যাগ কৰি সমাজৰ মাজত মিলাপ্ৰীতিৰে থকাৰ বাবে আহ্বান জনাইছো । ইয়াৰ জৰিয়তে আমি আমাৰ ৰাজ্য তথা জনগোষ্ঠী হিচাপে লাভান্বিত হ’ম ।”

উল্লেখ্য যে নতুনকৈ জন্ম লাভ কৰা সংগঠনটোৰ ভাবুকিক বিটিআৰৰ চাৰিওখন জিলাৰ আৰক্ষী প্ৰশাসনে গুৰুত্ব সহকাৰে লৈ বিভিন্ন তথ্য উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে । আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, সংগঠনটোত ওদালগুৰি জিলাৰো কিছু সংখ্যক যুৱক থকাৰ সন্দেহ প্ৰকাশ কৰিছে ।

Exit mobile version