কোন হ’ব পঞ্জাৱৰ পৰৱর্তী মুখ্যমন্ত্রী ?

ৰাহুল গান্ধীৰ ‌প্ৰস্তাৱ নাকচ ছোনিৰ

d6337fa2a9077febe375b218ae12809a

কোন হ’ব পঞ্জাৱৰ পৰৱর্তী মুখ্যমন্ত্রী ? এই বিষয়ত দেশৰ ৰাজনৈতিক মহলত জল্পনা চলি থকাৰ সময়তেই, কংগ্রেছে উত্থাপন কৰিছে চাঞ্চল্যকৰ তথ্য । তথ্য অনুসৰি, পাঞ্জাৱৰ মুখ্যমন্ত্রী হোৱাৰ প্রস্তাৱ পাইও খাৰিজ কৰিছে গান্ধী পৰিয়ালৰ ঘনিষ্ঠ প্রাক্তন কেন্দ্রীয় মন্ত্রী অম্বিকা ছোনিয়ে । ৰোগীয়া স্বাস্থ্যৰ বাবে ছমাহ মুখ্যমন্ত্রীৰ আসনত বহিব বিচৰা নাই ছোনিয়ে ।

অমৰিন্দৰ সিঙৰ পদত্যাগৰ পাছত পঞ্জাৱৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ প্রথম পছন্দই আছিল ছোনি । কালি নিশাই তেওঁক ৰাহুল গান্ধীয়ে পঞ্জাৱৰ মুখ্যমন্ত্রী হোৱাৰ প্রস্তাৱ দিয়ে । গভীৰ নিশা কংগ্ৰেছ নেতা ৰাহুলে অম্বিকা ছোনিৰ স’তে বৈঠকতো মিলিত হয় । কিন্তু, সেই বৈঠকত প্রাক্তন কেন্দ্রীয় মন্ত্রীগৰাকীয়ে সবিনয়ে ৰাহুলৰ প্রস্তাৱ প্রত্যাখ্যান কৰে । তেওঁ জনায়,  ৰোগ্ন স্বাস্থ্যৰ বাবে তেওঁৰ ইমান গধূৰ দায়িত্ব পালন কৰা সম্ভৱ নহয় । ছোনিয়ে ৰাহুলক পৰামর্শ দিয়ে যে, পঞ্জাৱত যাতে কোনো শিখকেই মুখ্যমন্ত্রী পতা হয় । সূত্রৰ খবৰ, ৰাহুলৰ লগতে অন্য কংগ্রেছ নেতাসকলেও অম্বিকা ছোনিক মান্তি কৰোৱাৰ চেষ্টা কৰিছে; কিন্তু কোনো কাৰণতে তেওঁ মান্তি নহয় ।

উল্লেখ্য যে, অমৰিন্দৰ সিঙৰ পদত্যাগৰ পাছত কালি সন্ধিয়া বৈঠকত মিলিত হয় কংগ্রেছৰ পৰিষদীয় দল । বৈঠকত দলৰ ৮২ জনৰ ভিতৰত ৮০ জন বিধায়কেই উপস্থিত আছিল । কংগ্রেছ পৰিষদীয় দলৰ সেই বৈঠকতেই ছোনিয়া গান্ধীৰ ওপৰত পৰৱর্তী মুখ্যমন্ত্রী নির্বাচনৰ দায়িত্ব জাপি দিয়ে দলৰ বিধায়কসকলে । তাৰ পছতেই তৎপৰ হয় হাই কমাণ্ড ।

গান্ধী পৰিয়ালৰ ঘনিষ্ঠ হোৱাৰ বাবেই অম্বিকা ছোনি যুঁজত সকলোতকৈ আগবাঢ়ি আছিল । কিন্তু তেওঁ মান্তি নোহোৱাৰ বাবে অন্য বিকল্পৰ কথা ভাবিবলৈ বাধ্য হৈছে হাইকমাণ্ড । এই ক্ষেত্রত আগবাঢ়ি আহিছে, ৰাহুল গান্ধীৰ ঘনিষ্ঠ প্রাক্তন প্রদেশ কংগ্রেছ সভাপতি সুনীল জাখৰ । সিদ্ধুক লৈও পৰিকল্পনা চলিছে । তদুপৰি পঞ্জাৱৰ পৰৱর্তী মুখ্যমন্ত্রী হোৱাৰ প্ৰতিযোগিতাত আছে বর্ষীয়ান নেতা প্রতাপ সিং বাজোৱা আৰু ৰবনীত সিং বিট্টো ।

Exit mobile version