দন্ত চিকিৎসকক লৈ বিতৰ্কিত মন্তব্য কৰা ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী মনজিৎ মহন্তৰ

একাংশ মিডিয়াই ভিডিঅ' সম্পাদনা কৰি মোৰ ওপৰত মানসিক নিৰ্যাতন চলাইছে : আঙুৰলতা

134631860 1147276472395227 6185587360957792804 n

১৬ ছেপ্টেম্বৰত এগৰাকী দন্ত চিকিৎসকৰ দ্বাৰা ঘটা এটা ঘটনাৰ আলম লৈ ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই কৰা এক মন্তব্যই বিতৰ্কৰ সূচনা কৰিছে । উক্ত মন্তব্যৰ বাবে জাঙুৰ খাই উঠিছে ইণ্ডিয়ান মেডিকেল এছোচিয়েচন । এছোচিয়েচনে ১৮ চেপ্টেম্বৰত এক পত্ৰ যোগে ৪৮ ঘণ্টাৰ ভিতৰত সভানেত্ৰী ডেকাক ক্ষমা খোজাৰ দাবীও জনাইছে ।

ইপিনে দেওবাৰে ৰাজীৱ ভৱনত কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই আঙুৰলতা ডেকাই এনেদৰে এজন ডাক্তৰৰ দোষৰ বাবে সমগ্ৰ চিকিৎসক গোষ্ঠীটোকেই বদনাম কৰা উচিত হোৱা নাই বুলি মন্তব্য কৰে । তেওঁ কয়- ‘যদি কিবা এনে ঘটনা হৈছিল তেওঁ অভিযোগ দিব লাগিছিল ।চৰকাৰ তেওঁলোকৰে । নিশ্চয় বিহীত ব্যৱস্থা গ্ৰহণ কৰিলে।হেতেঁন । যিদৰে পাঁচটা আঙুলি সমান নহয় সেইদৰে সকলো চিকিৎসক সমান নহয় । তেওঁৰ এই মন্তব্য গ্রহণযোগ্য নহয় । তেৱো পাৰফেক্ট নহয় । যদি হল হয় তেন্তে নিৰ্বাচনত নাহাৰিলেহেঁতেন । তেৱো চাগে প্ৰতিশ্ৰুতি দি পূৰণ নকৰিলে সেয়ে ৰাইজে তেওঁক নিজিকালে । সচাঁ কি মিছা কি মই নাজানো । তেওঁ অভিযোগ কৰিছে বাবেই সঁচা বুলি ধৰি লৈছোঁ । তেওঁ জনাব লাগে । নহলে সেইজন চিকিৎসকে আৰু বা কাক তেনে ব্যৱহাৰ কৰে ? তেওঁৰ শাস্তি হব লাগে । আৰু যদি তেওঁ কোৱা কথা মিছা তেন্তে সকলো চিকিৎসকৰ ওচৰত ক্ষমা খোজক ।’

এই সন্দৰ্ভত আঙুৰলতা ডেকাই কয়, ‘অতীতৰ ঘটনা এটাৰ আলম লৈ মই কথাখিনি কৈছিলোঁ । মনজিৎ মহন্ত আৰু যিসকলে মোৰ সমালোচনা কৰি আছে তেওঁলোকে গোটেই ভিডিও টো সম্পূৰ্ণৰূপে চোৱা উচিত । মই ‘সকলো’ চিকিৎসক বুলি কোৱা নাছিলোঁ । সেই কথাখিনিৰ আঁৰত থকা মোৰ সৎ উদ্দেশ্যৰ কথা তেওঁলোকে বুজি পাওক । মই কৈছিলোঁ যদি এনেকুৱা কিবা হয় তেন্তে আমি লগে লগে বিৰোধ কৰা উচিত । তেতিয়া হয়তো বিভিন্ন কাৰণত মোৰ বান্ধৱী জনীয়ে বিৰোধিতা কৰিব নোৱাৰিলে । কিন্তু কৰা উচিত । সেইখিনিয়ে কব বিচাৰিছিলোঁ মই । একাংশ সংবাদ মাধ্যমে টি আৰ পি ৰ স্বাৰ্থত মোৰ কথাখিনি বিকৃতকৰণ কৰি ইয়াৰ আঁৰত থকা সৎ উদ্দেশ্যটোক তল পেলাই দিলে । সম্পাদিত ভিডিও প্ৰচাৰ কৰি একাংশ সংবাদ মাধ্যমে মোৰ ওপৰত মানসিক ভাৱে নিৰ্যাতন চলাইছে ।’

Exit mobile version