বাগসাৰ নিমুৱাত ভলীবল টুৰ্নামেণ্ট উদ্বোধন

ষ্টেডিয়াম নিৰ্মাণৰ আশ্বাস কাৰ্যবাহী সদস্য গৌতম দাসৰ

WhatsApp Image 2021 09 19 at 6.59.47 PM

বাগসা জিলাৰ শালবাৰীৰ নিমুৱাত নিমুৱা হাইস্কুল খেলপথাৰত প্ৰাংগনত নিমুৱা যুৱ সমাজৰ উদ্যোগত বৃহত্তৰ অঞ্চলটোৰ যুৱক-যুৱতীসকলক খেলৰ প্ৰতি উৎসাহ বৃদ্ধি কৰাৰ উদ্দেশ্যে আজিৰে পৰা এখন ভলীবল টুৰ্নামেণ্টৰ আয়োজন কৰা হয় ৷ আজি ফিটা কাটি ভলীবল টুৰ্নামেণ্টৰ উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে ৷

উদ্বোধন কৰি দিয়া ভাষণ প্ৰসংগত কাৰ্যবাহী সদস্য গৌতম দাসে কয় যে, এনে ধৰণৰ খেলৰ বা প্ৰতিযোগিতাৰ আয়োজন কৰিলে খেলুৱৈসকলে উৎসাহ পায় ৷ একেদৰে এই বৃহত্তৰ অঞ্চলৰ ভিন্ন ঠাইৰ পৰা অহা খেলুৱৈ দলসকলৰ মাজত এটা সমন্বয় গঢ়ি উঠে, একতাৰ বান্ধোন শক্তিশালী হয় ৷ ভাল খেলুৱৈ ওলাই যাব পৰা এটা পথ মুকলি হয় ৷

গৌতম দাসে বৃহত্তৰ অঞ্চলটোৰ বাবে এখন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰি তাৰ বাবে ভূমি বিচাৰি থকা বুলি অৱগত কৰে ৷ উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকি সহযোগিতা আগবঢ়ায় খুছুৰাবাৰী চিআৰপিএফ শিবিৰৰ সহকাৰী কামাণ্ডেণ্ট ৰাকেশ যাদৱ, নিৰীক্ষক শিৱ কুমাৰ, নিমুৱা অঞ্চলৰ বিশিষ্ট সমাজসেৱক বসন্ত সৰ্গীয়াৰী, গোৱৰ্ধনা মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় অজয় নাথ, সুব্ৰত কান্তীৰ লগতে কে’বাগৰাকী বিশিষ্ট ব্যক্তি ৷

Exit mobile version