শালবাৰী জিলা ইউপিপিএলৰ নতুন তদৰ্থ সমিতি গঠন, কাৰ্যভাৰ গ্ৰহণ

WhatsApp Image 2021 09 19 at 6.59.45 PM

ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিয়ে দলৰ শালবাৰী জিলা সমিতিখন নতুনকৈ ১১ জনীয়াকৈ তদৰ্থ সমিতিৰূপে গঠন কৰি দিছে । উল্লেখ্য যে আজি ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ নতুন তদৰ্থ সমিতিখনৰ শালবাৰীৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে শপতগ্ৰহণ অনুষ্ঠানো সম্পন্ন হয় । এই উদ্দেশ্যে ইউপিপিএলৰ সাংগঠনিক সম্পাদক তথা প্ৰাক্তন এমচিএলএ অনিপ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত এখন দলীয় সভাত তত্বাৱধায়কৰূপে উপস্থিত থাকি দলৰ সাংগঠনিক দিশৰ ওপৰত বক্তৃতা প্ৰদান কৰে ইউপিপিএলৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ বড়োৱে ।

সভাত ইউপিপিএলৰ বিদায়ী সাধাৰণ সম্পাদক তথা তদৰ্থ সমিতিৰ উপ সভাপতি বিনোদ মুছাহাৰীয়েও ইউপিপিএলক অধিক শক্তিশালী দলৰূপে প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত দলীয় কৰ্মকৰ্তাসকলক জনকল্যাণমূলক কাম কৰাৰ বাবে আহ্বান জনায় তেওঁৰ ভাষণত । উল্লেখ্য যে যোৱা ১৬ ছেপ্টেম্বৰত ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰীৰ স্বাক্ষৰিত এক নিৰ্দেশ পত্ৰযোগে দলটোৰ শালবাৰী জিলা তদৰ্থ সমিতিৰ ১১গৰাকী বিষয়ববীয়াক নিযুক্তি দিয়ে ।

সেই মৰ্মে বিকন গয়াৰীক সভাপতি, বিনোদ মুছাহাৰী আৰু সুৰেশ সৰকাৰক উপ সভাপতি, প্ৰদীপ সৰকাৰক সাধাৰণ সম্পাদক, সত্যজিৎ বড়োক সম্পাদক, কমলেশ্বৰ বড়ো, থানেশ্বৰ বসুমতাৰী, মিলন বসুমতাৰী, ছিদ্দিক আলী, বীৰেণ স্বৰ্গীয়াৰী, সুৱল চন্দ্ৰ দাসক কাৰ্যনিৰ্বাহ সদস্যৰূপে ১১ জনীয়াকৈ ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ তদৰ্থ সমিতিখন কেন্দ্ৰীয় সমিতিয়ে গঠন কৰি দিয়ে ।

Exit mobile version