বিশ্বকৰ্মা পূজা উদ্যাপনৰ নামত গুৱাহাটীত সুৰাৰ বন্যা বােৱালে সুৰাপায়ীয়ে। ক’ভিডৰ বাবে দীঘলীয়া সময়জুৰি উৎসৱ উদ্যাপনৰ সুযােগ ওলােৱা নাছিল ৰাইজৰ বাবে। কার্যতঃ সুদীর্ঘ ডেৰ বছৰৰ মূৰত শুকুৰবাৰে প্রথমবাৰলৈ মুকলিমূৰীয়াকৈ বিশ্বকর্মা পূজা পালন কৰা হয়।
তাৰে সুযােগ লয় সুৰাপায়ীয়ে। পূজা উদ্যাপনৰ নামত সুৰাপায়ীয়ে যেন সুৰাৰ ধলহে নমালে মহানগৰীত। যাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিক দিনতকৈ তিনিগুণ অধিক পৰিমাণৰ সুৰা শুকুৰবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত বিক্রী হয়।
মহানগৰীৰ বিপণীলৈ সুৰা যােগান ধৰা বণ্ডৰ স্বত্বাধিকাৰী সূত্রই এই হিচাপ সদৰী কৰি কয়, শুকুৰবাৰে সুৰা বিক্ৰী আমি ভবাতকৈ বহু বেছি আছিল। ক’ভিডৰ ডেৰ বছৰীয়া বিভিন্ন নিষেধাজ্ঞাৰ পাছত শুকুৰবাৰে প্রায় মুকলি মূৰীয়াকৈ মানুহে বিশ্বকর্মা পূজা উদ্যাপন কৰে।
গতিকে সুৰাৰ বিক্ৰীও বাঢ়ে। এই প্রসংগতে গুৱাহাটীৰ আবকাৰী বিভাগৰ সূত্রই সদৰী কৰে যে শুকুৰবাৰৰ মহানগৰীত চাৰে তিনি কোটিতকৈ অধিক টকাৰ সুৰা বিক্রী হয়। এই পৰিমাণ হয়তাে অধিক বৃদ্ধি হ’ব পাৰে। কাৰণ হিচাপ-নিকাচ শেষ হােৱা নাই। পূর্বে ইমান টকাৰ সুৰা গুৱাহাটীত বিক্ৰীৰ অভিলেখ নাছিল বুলিও সূত্ৰটোৱে জনায়।
বিশেষকৈ দুপৰীয়াৰ পৰা সুৰা বিক্ৰীৰ পৰিমাণ শুকুৰবাৰে দিনটোত অস্বাভাৱিকভাৱে বৃদ্ধি হয়। সন্ধিয়া ছয় বজাৰ পৰা বিক্ৰীৰ পৰিমাণ। অধিক ঊর্ধ্বমুখী হয়। মহানগৰীৰ বহু বিপণীয়ে কালি গ্রাহকক পচণ্ডৰ ব্ৰেণ্ডৰ সুৰা সন্ধিয়াৰ পৰাই যােগান ধৰিব নােৱৰা পৰিৱেশৰাে সৃষ্টি হয়। কাৰণ তাৰ পূর্বেই গ্রাহকে তেনে ব্ৰেণ্ডবােৰৰ সুৰা সম্পূৰ্ণৰূপে ক্রয় কৰিছিল।