- ৰাজ্যৰ ২ লাখ ৭৩ হেজাৰ আচনীভূক্ত কৰ্মচাৰীৰ নাই সামাজিক তথা অৰ্থনৈতিক সুৰক্ষা |
- ২৪ ছেপ্তেম্বৰত দেশজোৰা ধৰ্মঘট অঙ্গনবাড়ি, আশা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ ৷
- অঙ্গনৱাড়ি কৰ্মীৰ দৰমহা আৰু পেঞ্চনৰ দাবীৰ লগতে সামাজিক সুৰক্ষা দিয়ক ৷
- ক’ভিডৰ সময়ত কোনোধৰণৰ সুৰক্ষা নিদিয়াকৈ কামৰ ওপৰত কাম জাপি দিছে আশাকৰ্মী, অঙ্গনবাৰী কৰ্মচাৰীক
- স্বেচ্ছাসেৱকৰ কাম কৰা বুলি চৰকাৰে আমাৰ চাকৰি নিয়মীয়াকৰণ নকৰে যদিও নিয়মীয়া কৰ্মচাৰীতকৈ অধিক কামৰ বুজা জাপি দিছে চৰকাৰে ৷
- সমাজ কল্যাণ বিভাগৰ পৰা কম দামৰ মোবাইল দি কামৰ হাৰাশাস্তি দিছে ৷
- অঙ্গনৱাড়ি কাৰ্যালয় মেৰামতি বেৰাও কৰ্মী টকাৰে দিবলৈ দিয়াৰ অভিযোগ ৷
- আচঁনি ভুক্ত আশা কৰ্মচাৰী পাবলগীয়া পাপ্য নিদিয়াৰ লগতে দিয়া নাই সামাজিক সুৰক্ষা ৷
- ক’ভিডৰ সময়ত কামত লগালে যদিওঁ হেণ্ড ছেনিটাইজাৰ মাস্ক নিদিলে, কাম দিছে কিন্তু মাননি দিয়া নাই ৷
- চাকৰি নিয়মীয়াকৰণ আৰু সামাজিক সুৰক্ষা দৰমহা বৃদ্ধি আৰু প্ৰাপ্য দৰমহা বিচাৰি ২৪ ছেপ্টেম্বৰত দেশজোৰা হ’ব প্ৰতিবাদ ৷
- ক’ভিডৰ সময়ত দিবলগা দৰমহা পৰা বঞ্চিত কৰিলে ৷
- প্ৰাপ্য বিচাৰি NHM ৰ MD লগত তিনিবাৰকৈ সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদানৰ পিছতো নাপালো গুৰুত্ব ৷
- আশা কৰ্মী ক’ভিডত মৃত্যু হ’লে বীমা অনুযায়ী ৫০ লাখ দিয়া প্ৰতিশ্ৰুতি কেৱল মুখেৰে দিলে ৷
- ১০-১৫ গৰাকী আশা কৰ্মী, ছয়গৰাকী অঙ্গনবাড়ি কৰ্মীৰ মৃত্যুৰ পাছতো নিদিলে মাননি ৷
অঙ্গনবাড়ি কৰ্মী-সহায়িকা সন্থা, মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন আৰু আশা ইউনিয়নৰ যৌথ সংবাদমেল
![Assam News Today | অঙ্গনবাড়ি কৰ্মী-সহায়িকা সন্থা, মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন আৰু আশা ইউনিয়নৰ যৌথ সংবাদমেল - Dainik Agradoot | WhatsApp Image 2021 09 20 at 2.43.59 PM](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2021/09/WhatsApp-Image-2021-09-20-at-2.43.59-PM.jpeg?fit=640%2C360&ssl=1)