গোসাইগাঁৱত সেৱা আৰু সমৰ্পন কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিজেপিৰ ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ

WhatsApp Image 2021 09 20 at 8.35.45 PM

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ সেৱা আৰু সমৰ্পন ২০ দিনীয়া কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিজেপিৰ গুমা মণ্ডল সমিতিৰ উদ্যোগত আজি গোসাইগাঁও কুৰ্শাকাটি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ভূমকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ৰোগীসকলৰ মাজত ফল-মূল বিতৰণৰ জৰিয়তে সেৱা আৰু সমৰ্পন কাৰ্যসূচী অনুষ্ঠিত কৰে ।

আজিৰ এই কাৰ্য্যসূচীত মণ্ডল সভাপতি নিলেশ্বৰ ৰায়, উপ সভাপতি দেৱজিৎ সিংহ, সাধাৰণ সম্পাদক শ্যামল দত্ত, সম্পাদক লক্ষ্মীৰাম টুডু,‌ ১১৫ নং বুথৰ সভাপতি নিৰানন্দ ৰায়ৰ লগতে মন্ডল কৰ্মকৰ্তা উপস্থিত থাকি এই কাৰ্যসূচী সম্পন্ন কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দীৰ্ঘায়ু কামনা কৰে ।

Exit mobile version